পলাশবাৰীত মহিলাৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ ৩৬,০৫১ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 3 (34)

ডিজিটেল সংবাদ, মিৰ্জাঃ ৰাজ্যৰ নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ ৩৬,০৫১ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৮৪ টা বিধানসভা সমষ্টিৰ ২০,৬৫,৩৬৫ গৰাকী মহিলাৰ মাজত উদ্যমিতাৰ পুঁজি বিতৰণ কৰা হয়। 

এই উপলক্ষে পলাশবাৰী সমষ্টিৰ আৰ.বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী শৰ্মাই কয়- আজি মহিলাসকলৰ যিটো উৎসাহ, অসমৰ সকলোতে এনেদৰে মহিলাসকল উৎসাহ আৰু উদ্দীপনাৰে ওলাই আহিছে। ৰাজ্যৰ মহিলা আত্মসহায়ক গোটসমূহৰ ৩২ লাখ মহিলাক সামৰি লৈ ৰাজ্য চৰকাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান নামৰ এই অভিলাষী আঁচনিখন আৰম্ভ কৰিছে। 

প্রতিগৰাকী মহিলাকে লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাই এই আঁচনিৰ মূল লক্ষ্য বুলি উল্লেখ কৰে। ৰাজ্যৰ আঁঠ লাখতকৈ অধিক মহিলাই ইতিমধ্যে বছৰি এক লাখতকৈ অধিক টকা উপার্জন কৰি লাখপতি বাইদেউ হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে। পলাশবাৰী বিধানসভা সমষ্টিত ৪,১৬৭ গৰাকী মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ মর্যাদা লাভ কৰিছে। আনহাতে গোটেই অসমত ৩২ লাখ মহিলাই এই আচঁনি লাভ কৰিব। 

তেওঁ সমষ্টিটোৰ কেইবাগৰাকীও লাখপতি বাইদেউৰ উদাহৰণো দাঙি ধৰে। এই আচঁনিখনৰ জৰিয়তে মহিলাসকলৰ মনত আত্মবিশ্বাস গঢ়ি তুলিব লাগিব। লগতে তেওঁ কয় যে, পলাশবাৰী সমষ্টিৰ বঙৰাৰ নিৰ্জু দাসে হেণ্ডলুম টেক্স টাইলৰ জড়িয়তে মাহে ২১ হাজাৰ টকাকৈ উপাৰ্জন কৰাৰ উপৰিও কাৱৈমাৰীৰ ৰিজুমণি কলিতাই ছাগলী পালনেৰে বছৰি ১ লাখ ৪৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেনেদৰে বৰদুৱাৰ চাহ বাগিচাৰ শেৱালী বড়ো কলিতা, সান্তনা ৰাভা, গিতালী ৰাভা, হীৰা ৰাভা, ৰাজেশ্বৰী ৰাভা, মণিকা তালুকদাৰ, পখিলা ৰাভা, জোনাকী ৰাভা, বীণা নায়ক, বৰ্ণালী ৰাভা ৰংগিলা ৰাভা, বাসন্তী অধিকাৰী, বাতাকুছিৰ ৰংঙিলী ৰাভা, নহিৰাৰ অঞ্জলী নাথ, সতপুৰৰ ভাৰতী দাস আৰু বাতাকুছিৰ মনু দাসে হস্ততাতৰে উপাৰ্জনৰে কৰিবলৈ সক্ষম হৈছে। 

এই সফল উদ্যমীসকলৰ উদাহৰণেৰে অনুপ্ৰাণিত হৈ উদ্যমিতাৰ ক্ষেত্ৰখনত হাতে-কামে নামি পৰিবলৈ সমষ্টি মহিলাসকলক আহ্বান জনায়। মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত প্রদান কৰা পুঁজিৰ ব্যৱহাৰ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় এই পুঁজি তিনি প্রকাৰে আত্মসহায়ক গোটৰ মহিলা হিতাধিকাৰীসকলে ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে আজি লাভ কৰা ১০ হাজাৰ টকাৰ পুঁজি আত্মসহায়ক গোটৰ সদস্যাসকলে তেওঁলোকৰ বা গোটত জমা কৰি সমূহীয়াভাবে ব্যৱসায় কৰিব পাৰে বা গোটত জমা হোৱা সমুদায় ১ লাখ টকাৰ পুঁজিৰ পৰা ঋণ লৈও ব্যৱসায় কৰিব পাৰে। 

দ্বিতীয়তে এই পুঁজিৰে সদস্যাসকলে নিজেও ব্যক্তিগতভাবে গাইগৰু ছাগলী, হাঁহ-কুকুৰা, চিলাই মেচিন, তাঁতশাল, মীনপালন, কৃষিকৰ্ম, সৰু-সুৰা দোকান-পোহাৰ আদিৰ ব্যৱসায় কৰিব পাৰে আৰু তৃতীয়তে এই পুঁজি নিজৰ স্বামী বা পৰিয়ালৰ ব্যৱসায়তো আগবঢ়াব পাৰে। উদ্যমিতা পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে, ছমাহ পিছত ঘৰে ঘৰে গৈ মূল্যায়নৰ ব্যৱস্থা কৰিব। এই পুঁজিৰ সদ্ব্যৱহাৰ হ'লে পৰৱৰ্তী পর্যায়ত ২৫ হাজাৰ টকাকৈ প্রদান কৰা হ'ব। 

সেই পুঁজিৰো পুনৰ মূল্যায়ন কৰা হ'ব আৰু সদ্ব্যৱহাৰ কৰাসকলক তৃতীয় বর্ষত ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। এই ৫০ হাজাৰ টকাকৈ লাভ কৰাৰ পিছত বেংকেও তেওঁলোকক সহায় কৰিব আৰু তেওঁলোকৰ লাখপতি বাইদেউ হোৱাৰ পথ প্রশস্ত হৈ উঠিব। 'অৰুণোদয়, বিনামূলীয়া চাউল, বিনামূলীয়া নামভর্তি আৰু লাখপতি বাইদেউ আদি আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে জনসাধাৰণৰ জীৱনযাত্রা সহজ কৰি তুলিছে। তেওঁ অৱগত কৰে যে, অৰুণোদয়ৰ হিতাধিকাৰীসকলে অহা ২০ ফেব্ৰুৱাৰীত একাউন্টত একেলগে আঠ হাজাৰ টকা লাভ কৰিব। 

লগতে ৰেচন কার্ড থকা লোকসকলে দাইল, চেনি আৰু নিমখ-এই তিনিও বিধ সামগ্রী মাথোঁ এশ টকাতে লাভ কৰিছে বুলি অবগত কৰি তেওঁ কয় যে নিযুত মইনা আঁচনিৰ আর্হিত ছাত্ৰসকলৰ বাবেও ফেব্ৰুৱাৰীৰ পৰা 'মুখ্যমন্ত্রীৰ নিযুত বাবু' নামৰ নতুন আঁচনি আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে মহিলা উদ্যমিতা আৰু অৰুণোদয়ৰ জৰিয়তে এগৰাকী মহিলাই এই দুমাহতে ১৮ হাজাৰ টকাকৈ লাভ কৰিব আৰু বাদ পৰি যোৱা যোগ্য মহিলাসকলকো অতি সোনকালে পলাশবাৰী সমষ্টিত ২ হাজাৰ অৰুণোদয়ৰ সুবিধা দিয়া হ'ব। 

মহিলা সকলক ১০ হাজাৰ টকা দিয়াই আমাৰ উদ্দেশ্য নহয়, তেওঁলোকক আমি পৰৱৰ্তী সময়ত লাখপতি বাইদেউ নিৰ্মাণ কৰা। মুখ্যমন্ত্রীয়ে আৰু কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে বাজ্যখনক অৰুণোদয়, মহিলা উদ্যমিতা আদি জনকল্যাণমূলক আঁচনি প্রদান কৰিছে আৰু যুৱক-যুৱতীক মেধা-ভিত্তিত নিযুক্তি প্রদানৰ দৰে পদক্ষেপো গ্রহণ কৰিছে। সমষ্টিত আজি উদ্যমিতা পুঁজিৰ ধনৰাশি লাভ কৰা প্ৰতিগৰাকীকে লাখপতি বাইদেউ হিচাপে নিজকে উত্তৰণ ঘটাবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়। 

তেওঁ লগতে মন্তব্য কৰে যে আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসমৰ লক্ষ্য তেতিয়াহে পূৰণ হ'ব, যেতিয়া মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব। বৰ্তমান বিজেপি চৰকাৰে ১ লাখ ৬০ হাজাৰ যুৱক-যুৱতীক এক টকা নোলোৱাকৈ বিনামূলীয়াকৈ চাকৰি দিয়া হৈছে। আৰু নিৰ্বাচনৰ আগলৈকে আৰু ১৫-২০ হাজাৰ চাকৰিত নিযুক্তি দিয়া হ'ব। বিজেপি চৰকাৰৰ দিনত স্কুল, ৰাষ্টা, দলং আদি বিভিন্ন উন্নয়ণ মূলক কাম হৈছে। কিন্তু কংগ্ৰেছৰ দিনৰ ধুতি, লুঙি আৰু সূতা বিতৰণ কৰি এনেকৈ আমাক ঠগাই আছিল। কংগ্ৰেছৰ দিনৰ অংগনবাড়ী কেন্দ্ৰবোৰ পাৰ বাহৰ দৰে আছিল। এতিয়া অংগনবাড়ী কেন্দ্ৰ বহুত উন্নত হৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ বিভিন্ন উন্নয়ণ মূলক কাম হৈছে। 
এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধী, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞা, ষ্টেট মিচন পৰিচালক ফুলমণি শৰ্মা বৰদলৈ, দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি অঞ্জন গোস্বামী প্ৰমুখ্যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জিলা প্রশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।

শেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জুবিন দাৰ হত্যাকাৰীৰ সন্দৰ্ভত সাংবাদিক সোধা প্ৰশ্নত অসম চৰকাৰক ভালহে পাব লাগে বুলি কয়।কিয়নো ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি কৈছে। ইয়াৰ বিপৰীতে আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক জে'লত ভৰাই থৈছো। গতিকে ছিংগাপুৰতকৈও আমি ভাল কাম কৰিছো বুলি উল্লেখ কৰে। গতিকে আমাক ধন্যবাদহে দিব লাগে। ছিংগাপুৰ চৰকাৰে যিটো কাম কৰিব নোৱাৰিলে সেই কাম অসম চৰকাৰ তথা অসম আৰক্ষীয়ে কৰিছে বুলি এক প্ৰকাৰ তৰল মন্তব্য আগবঢ়ায়। 

আনহাতে পলাশবাৰী সমষ্টিৰ বাবে আগত বিধানসভা নিৰ্বাচনত কাৰ টিকট হ’ব বুলি কৰা এক প্ৰশ্নত মুখমন্ত্ৰী শৰ্মাই কয় 'হেমাংগ-হিমাংশুৱে নিজৰ মাজতে যুজত নামিছে। গতিকে তেতিয়াটো তৃতীয় ব্যক্তি এগৰাকীৰ সন্ধানত আছে বুলি উল্লেখ কৰে। যদি মুখ্যমন্ত্ৰীৰ কথা লৰচৰ নহয় তেতিয়াহলে তৃতীয় ব্যক্তি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি হব পাৰে বুলি ভোটাৰ ৰাইজে ভাবি লৈছে। 

ইফালে, মঞ্চত ভাষণ দিয়াৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই বিধায়ক হেমাংগৰ প্ৰতিও এক সহানুভূতি দেখুৱাই। আজিৰ এই সভাত বহু সংখ্যক মহিলাই এই আঁচনিৰ চেক আদি নোপোৱাৰ অভিযোগ উত্থাপন হোৱাই নহয়, আনকি খাদ্য আদিৰ পৰাও বঞ্চিত হয়।

হিমন্ত বিশ্ব শৰ্মা