ছেপ্তেম্বৰৰ মাজ ভাগলৈকে থাকিব কোৰোনাৰ সন্ত্ৰাস, ভাৰতৰ প্ৰায় ৫৮ শতাংশ লোক হ’ব আক্ৰান্তঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী…

ছেপ্তেম্বৰৰ মাজ ভাগলৈকে থাকিব কোৰোনাৰ সন্ত্ৰাস, ভাৰতৰ প্ৰায় ৫৮ শতাংশ লোক হ’ব আক্ৰান্তঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী…

author-image
asomiyapratidin
New Update
ছেপ্তেম্বৰৰ মাজ ভাগলৈকে থাকিব কোৰোনাৰ সন্ত্ৰাস, ভাৰতৰ প্ৰায় ৫৮ শতাংশ লোক হ’ব আক্ৰান্তঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ সিদ্ধান্তৰ পূৰ্বেই দেশৰ দুখনকৈ ৰাজ্যই বৃদ্ধি কৰিছে লকডাউনৰ সময়সীমা। প্ৰথমে উৰিষ্যা আৰু পিছত পঞ্জাৱে ১ মে'ৰ লৈকে লকডাউন শিথিল কৰা নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে। যোৱা শুকুৰবাৰে লকডাউনৰ সন্দৰ্ভত সাংবাদিকৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে হোৱা এক বাৰ্তালাপত পঞ্জাৱৰ মু্খ্যমন্ত্ৰী অমৰিন্দৰ সিঙে প্ৰকাশ কৰে এক খবৰ।

Advertisment

সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে কয় যে, দেশত ছেপ্তেম্বৰ মাহৰ মধ্যভাগলৈকে চৰম অৱস্থাত থাকিব কোৰোনা ভাইৰাছ। কিছু জ্যেষ্ঠ চিকিৎসক আৰু বিশেষজ্ঞৰ সৈতে হোৱা এক আলোচনাৰ অন্তত তেওঁ এই কথা প্ৰকাশ কৰিছে বুলিও সদৰি কৰে। লগতে তেওঁ কয়, দেশত প্ৰায় ৫৮ শতাংশ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে পঞ্জাৱৰ প্ৰায় ৮০ শতাংশ লোক আক্ৰান্ত হব ভাইৰাছবিধত।

তেওঁ লগতে কয়, কোৰোনাক প্ৰতিহত কৰিবৰ বাবে পঞ্জাৱ চৰকাৰে সকলো পন্থা অৱলম্বন কৰিছে। নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত অংশ লোৱা পঞ্জাৱৰ প্ৰায় ৬৫১ গৰাকী লোক আছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী সিঙে। ইয়াৰে ১৫ গৰাকী এতিয়াও সন্ধানহীন হৈ থকাৰ কথা কয় সিঙে।