হেপাঁহৰ ভোগালী! পত্নী-পুত্ৰৰ সৈতে মেজি জ্বলাই চাহ-জলপান খালে মুখ্যমন্ত্ৰীয়ে...

মেজিত অগ্নি সংযোগ কৰি পৰিয়ালৰ সৈতে চাহ-জলপান খাই ভোগালী বিহু উদযাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  ভোগালী বিহুৰ পৰম্পৰা পালন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক জনালে ভোগালীৰ ওলগ। 

author-image
Asomiya Pratidin
New Update
UJJJDD

ডিজিটেল ডেস্কঃ মেজিত অগ্নি সংযোগ কৰি পৰিয়ালৰ সৈতে চাহ-জলপান খাই ভোগালী বিহু উদযাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  ভোগালী বিহুৰ পৰম্পৰা পালন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক জনালে ভোগালীৰ ওলগ। 

615060094_1460565852099777_5655933062586984645_n

মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে,   মেজিৰ জুয়ে নাশ কৰক সকলোৰে অপায়-অমংগল, লৈ আহক কল্যাণৰ বতৰা৷ মোৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক আটাইলৈ পুনৰবাৰ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ ৰিণিকি, নন্দিল আৰু মই আমাৰ বাসগৃহত মেজি জ্বলাই ৰাজ্যবাসীৰ সমৃদ্ধিৰ বাবে মেজিত সেৱা জনাই প্ৰাৰ্থনা কৰিলোঁ আৰু সুস্বাদু পিঠা-লাৰুৰ জুতি ল'লোঁ।

615344559_1460566022099760_4174331701868127272_n

উল্লেখ কৰা প্ৰয়োজন যে, সামাজিক মাধ্যমত এই পোষ্টৰ সৈতে কেইবাখনো ফটোও সংলগ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

ড০ হিমন্ত বিশ্ব শৰ্মা ড হিমন্ত বিশ্ব শৰ্মা