জম্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণঃ ৭ জন নিহত, আহত কেইবাজনো লোক

দেওবাৰে জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ এখন দুৰ্গম গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ৭ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো লোক আহত হয়। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-17 at 9.00.38 PM

ডিজিটেল ডেস্কঃ পুনৰ জম্মু-কাশ্মীৰত দেখিবলৈ পোৱা গ'ল প্ৰকৃতিৰ কালৰূপ। দেওবাৰে জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ এখন দুৰ্গম গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ৭ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো লোক আহত হয়। 

Advertisment

শনিবাৰ আৰু দেওবাৰৰ নিশা জিলাখনত হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে দুটা পৃথক ঘটনা সংঘটিত হয় ৰাজবাগ আৰু জাংলোটেৰ যোধ ঘাটি গাঁৱত। প্ৰাপ্ত খবৰ অনুসৰি, ডাৱৰ বিস্ফোৰণৰ ফলত যোধ ঘাটিত ৫ জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে জাংলোটে অঞ্চলত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত দুজন লোকে প্ৰাণ হেৰুৱাইছে। আৰক্ষী আৰু এছডিআৰএফৰ যৌথ অভিযানকাৰী দলে উদ্ধাৰ অভিযান চলাবলৈ স্থানত উপস্থিত হয়। 

আনহাতে, বিষয়াসকলে জনোৱা মতে, ‘এতিয়ালৈকে চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, আনহাতে আন ছজনক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে কিষ্টৱাৰ জিলাৰ পদ্দাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ৬৫ জন লোকৰ মৃত্যু হোৱাৰ তিনিদিন পিছতে পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা।

ইফালে, ডাৱৰ বিস্ফোৰণৰ পিছত ৰাজবাগ আৰু কথুৱা চহৰৰ সমভূমিলৈ পানী নামি আহি ৰাস্তা আৰু বাইলেন ডুবাই পেলায়। ইয়াৰ উপৰিও কেইবাটাও নপানীৰ ফলত অট্টালিকা, সামগ্ৰী, যান-বাহনৰ ক্ষতিসাধন হয়। আনকি ৰাজবাগ আৰক্ষী থানাতো বানপানী দেখিবলৈ পোৱা যায়।  

জম্মু কাশ্মীৰ