Advertisment

যাত্ৰীবাহী বাছত জব্দ ৪ লাখ টকাৰ চোৰাং কাপোৰঃ আটক দুজন

বাংলাদেশত চোৰাংকৈ সৰবৰাহৰ বাবে শিলিগুৰিৰ পৰা অনা হৈছিল কাপোৰখিনি। ধৃত সৰবৰাহকাৰী দুজন শ্বৰিফুল আৰু বিপ্লৱ হাচান।দুয়োকে বৰ্তমান মানকাচৰ থানাত জেৰা চলাই থকা হৈছে। 

author-image
Asomiya Pratidin
New Update
mkk

ডিজিটেল সংবাদ,শিলিগুৰিঃ  শিলিগুৰি-মানকাচৰ যাত্ৰীবাহী বাছত অভিযান চলাই আৰক্ষী-বিএছএফে। অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪ লাখ টকাৰ চোৰাং কাপোৰ। জানিব পৰা মতে, মানকাচৰ আৰক্ষী আৰু ৪৫ নং বেটেলিয়ান বি এছ এফে চলোৱা এই অভিযানত আটক কৰে ঘটনাৰ লগত জৰিত দুজনক। 

Advertisment

গোপন সূত্ৰৰ ভিত্তিত চলোৱা হৈছিল অভিযানৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বাংলাদেশত চোৰাংকৈ সৰবৰাহৰ বাবে শিলিগুৰিৰ পৰা অনা হৈছিল কাপোৰখিনি। ধৃত সৰবৰাহকাৰী দুজন শ্বৰিফুল আৰু বিপ্লৱ হাচান।দুয়োকে বৰ্তমান মানকাচৰ থানাত জেৰা চলাই থকা হৈছে। GST ফাকি দি শিলিগুৰিৰ পৰা কাপোৰ খিনি অনা বুলি জনা গৈছে।

চোৰাং