নিজম পৰিল জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ

নিজম পৰিল জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ ৷ জ্যোতি-বিষ্ণু সমন্বয়থলীত দুমাহ পূৰ্বে নিৰ্মাণ কৰা অস্থায়ী নামঘৰত আজিও ভক্তপ্ৰাণ ৰাইজে নিয়মিত চাকিবন্তি জ্বলাই নামসেৱা

author-image
Asomiya Pratidin
New Update
82

ডিজিটেল সংবাদ, জামুগুৰিহাট : নিজম পৰিল জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ ৷ জ্যোতি-বিষ্ণু সমন্বয়থলীত দুমাহ পূৰ্বে নিৰ্মাণ কৰা অস্থায়ী নামঘৰত আজিও ভক্তপ্ৰাণ ৰাইজে নিয়মিত চাকিবন্তি জ্বলাই নামসেৱা কৰি থকা দেখা গৈছে ৷

দুদিন পাচতে এই নামঘৰ ভাঙি পেলোৱা হ'ব  ৷ নামঘৰ ভাঙি পেলোৱাৰ কথা চিন্তা কৰি এতিয়া নামঘৰত নিয়োজিত হৈ থকা ভকতসকলক আৱেগিক হৈ পৰা দখা গ'ল ৷

যোৱা তিনিদিন ধৰি লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদধূলাৰে ধন্য হোৱা জামুগুৰিহাটৰ ধলাইবিলৰ জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আজি নিজম পৰিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে যোৱা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত লাখ লাখ ভকতৰ সমাগম হোৱা জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আজি নিৰব নিতাল পৰিবেশ।

দেওবাৰে নিশাৰ ভাগত অধিবেশনৰ সামৰণি পৰাৰ লগে লগে দূৰ দুৰণিৰ ভকত বৈষ্ণৱ নিশাই ঘৰমুৱা হোৱাৰ লগতে থাকি যোৱা ভকত বৈষ্ণৱ সকলো সোমবাৰে পুৱাৰ ভাগত ঘৰমুৱা হয়।

তিনিদিন অধিবেশনস্থলীত থাকি গুৰুজনাৰ আদৰ্শ সৰোগত কৰি কৃষ্ণ ভকতিত গদগদ হোৱা দূৰ-দুৰণিৰ ভকত-বৈষ্ণৱে অধিবেশনস্থলী এৰাৰ সময়ত  হৈ পৰিল আবেগিক। 

জামুগুৰিহাট