বিপিএফৰ ১২ টা জনগোষ্ঠীয় কোষৰে ৰুদ্ধদ্বাৰ বৈঠক হাগ্ৰামাৰ

কাজলগাঁৱত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিপিএফ দলৰ বিভিন্ন জনগোষ্ঠীয় গোটসমূহৰ নেতৃবৰ্গৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ।

author-image
Asomiya Pratidin
New Update
77

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অন্যান্য ৰাজনৈতিক দলসমূহৰ লগতে বিটিচিৰ শাসকীয় দল বিপিএফৰ মাজতো ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে । দেওবাৰে চিৰাং জিলাৰ কাজলগাঁৱত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিপিএফ দলৰ বিভিন্ন জনগোষ্ঠীয় গোটসমূহৰ নেতৃবৰ্গৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ।

জিলা বিপিএফৰ কাৰ্যালয়ত দুপৰীয়া অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক । দুপৰীয়াৰ পৰা বিয়লি ৫-০০ বজালৈকে অনুষ্ঠিত হয় এই বৈঠক । উল্লেখ যে বিগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে  বিপিএফ দলে বিটিচি এলেকাত বসবাস কৰা ১২ টাকৈ পৃথক পৃথক জনগোষ্ঠী ভিত্তিক কোষ গঠন কৰিছিল।

সভাত প্ৰতিটো জনগোষ্ঠীয় কোষৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে বিতং আলোচনা কৰি আগন্তুক বিধানসভা নিৰ্বাচনত কিদৰে ৰাইজৰ মাজত যাব লাগিব তাৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবেই মূলতঃ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়- আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী অধিসূচনা মাৰ্চ মাহতে জাৰি কৰাৰ সম্ভাৱনা আছে ।  

তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিহেতু বিপিএফ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াম তাৰ বাবেই দলৰ ১২ টাকৈ বিভিন্ন জনগোষ্ঠীয় কোষৰ সৈতে আলোচনাত মিলিত হৈছে জনায়। কাৰণ এই ১২ টা কোষে যোৱা পৰিষদীয় নিৰ্বাচনত বহুত ভালদৰে কাম কৰা বাবেই আমি বিপিএফ দলে বিটিচিত পৰিষদ গঠন কৰিব পাৰিছো বুলি হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে ।

WhatsApp Image 2026-02-08 at 8.41.54 PM

অহা মাৰ্চৰ প্ৰথম সপ্তাহতে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব বুলি আমি শুনিছো কিন্তু নিশ্চিত নহয়। অধিসূচনা জাৰি হোৱাৰ পিছতে আমি কিমান সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু কাক কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব সেই বিষয়ে ক'ব পাৰিম  আৰু এই মূহুৰ্তত কোৱা অসুবিধা হ'ব বুলি মন্তব্য কৰে ।

নিৰ্বাচন আয়োগে আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই বিপিএফ দলে প্ৰাৰ্থী ঘোষণা কৰিব বুলিও জনায় মহিলাৰীয়ে। বিটিচিত এতিয়া আমাৰ বহুত ভাল হৈ আছে, আমি বিটিচিৰ হৈ কাম কৰি আছো আৰু কাম কৰি যাম বুলি কয় মহিলাৰীয়ে। আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সা‍ংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বহুচৰ্চিত সংবাদমেল সন্দৰ্ভত প্ৰশ্ন কৰাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে এই সন্দৰ্ভত মই একো নকওঁ। এটো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয় ।

মই আইনৰ মাষ্টৰ নহয় এইবিলাক বিষয় দেশৰ আইনে চাব। হয় ময়ো শুনিছোঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল দিছে আৰু মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ দায়িত্ব আছে । অসমৰ স্বাৰ্থত কোনে কি কাম কৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কোৱাৰ দায়িত্ব আছে আৰু সেই দায়িত্ব তেখেতে পালন কৰিছে। এবিলাক কথা হয় নহয় আইনে চাব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।

হাগ্ৰামা মহিলাৰী