/asomiyapratidin/media/media_files/2025/06/20/new-ap-web-2-6-2025-06-20-16-30-20.jpg)
ডিজিটেল ডেস্কঃ ইজৰাইলৰে অব্যাহত থকা যুদ্ধত এইবাৰ ইৰাণে ব্যৱহাৰ কৰিছে নিষিদ্ধ ক্লাষ্টাৰ বোমা। মিছাইল আক্ৰমণৰ সমান্তৰালকৈ নিক্ষেপ কৰা এই ক্লাষ্টাৰ বোমাক লৈ এতিয়া বিশ্বজুৰি চলিছে চৰ্চা।
উল্লেখ্য যে, ইৰাণে প্ৰথমে ১০ জুনত ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছিল ক্লাষ্টাৰ বোমা। এই বোমা পৰেগৈ টেল আভিভৰ উপকণ্ঠ অঞ্চল আজোৰত। ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি হৈছে।
অৱশ্যে এই ঘটনাত হতাহতিৰ সঠিক খবৰ লাভ কৰা নাই। আনুষ্ঠানিকভাৱে এতিয়ালৈকে এই সংখ্যা প্ৰকাশ কৰা নাই ইজৰাইলে। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও বিভিন্ন যুদ্ধত ক্লাষ্টাৰ বোমাৰ ব্যৱহাৰ হৈছিল।
বহুতৰ মতে ক্লাষ্টাৰ বোমা বেলিষ্টিক মিছাইলতকৈ অধিক বিপজ্জনক। কাৰণ, ইয়াৰ জৰিয়তে একেলগে কেইবাটাও ঠাইত একাধিক আক্ৰমণ কৰিব পৰা যায়। ক্ষতিৰ পৰিমাণো তুলনামূলকভাৱে বেছি।
যিকোনো চহৰতে ক্লাষ্টাৰ বোমাই সাধাৰণ নাগৰিকৰ ক্ষতি কৰাৰ সম্ভাৱনা অধিক। সেয়েহে ইৰাণে ক্লাষ্টাৰ বোমা নিক্ষেপ কৰাক লৈ উদ্বেগ বৃদ্ধি পাইছে।ইৰাণে ক্লাষ্টাৰ বোমা নিক্ষেপ কৰাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ইজৰাইল চৰকাৰে জনসাধাৰণক বিশেষ সতৰ্কবাণী জাৰি কৰিছে।
ইংৰাজীত ‘ক্লাষ্টাৰ’ শব্দটোৰ অৰ্থ হৈছে ‘এটা গোট’। এটা ক্লাষ্টাৰ বোমাত থাকে সৰু সৰু কেইবাটাও বোমা। এই প্ৰতিটো বোমা সৰু, কিন্তু শক্তিশালী। এটা ডাঙৰ মিছাইলৰ কেচিং সেই সৰু সৰু বোমাবোৰেৰে ভৰি থাকে।
নিক্ষেপ কৰাৰ পিছত ক্লাষ্টাৰ বোমাৰ মুখখন বতাহত খোল খায়। ভিতৰৰ পৰা সৰু সৰু বোমাবোৰ ওলাই আহে আৰু বহল এলেকাত বিয়পি পৰে। ১৯ জুনত ইৰাণে ক্লাষ্টাৰ বোমা নিক্ষেপ কৰাৰ পিছতে ইজৰাইল সেনাই কয় যে এই অস্ত্ৰই মাটিৰ পৰা সাত কিলোমিটাৰ উচ্চতাত মুখ মেলিছিল।
তাৰ পৰা কমেও ২০টা বোমা ওলাই আহিল। মধ্য ইজৰাইলৰ বিভিন্ন ঠাইত আঠ কিলোমিটাৰ পৰ্যন্ত এলেকাত সিঁচৰতি হৈ আছিল এই বোমাবোৰ। ক্লাষ্টাৰ বোমাৰ আন এটা বিশেষ বৈশিষ্ট্য হ’ল ই স্বয়ংচালিত নহয়।
ক্লাষ্টাৰ বোমাৰ পৰা ওলোৱা সৰু সৰু বোমাবোৰ মাটিত পৰাৰ লগে লগে বিস্ফোৰণ নহয়। কিবা এটাৰ সংস্পৰ্শলৈ আহিলেহে বিস্ফোৰণ ঘটে। অৰ্থাৎ জনবসতিপূৰ্ণ অঞ্চল নাথাকিলে আৰু কোনো বস্তুৰ সংস্পৰ্শলৈ নাহিলে এই বোমাবোৰ দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ থাকিব পাৰে।
ক্লাষ্টাৰ বোমাই নিৰ্বিচাৰে ধ্বংসলীলা চলাবলৈ সক্ষম। এবাৰ নিক্ষেপ কৰিলে ক’ত পৰে বা কাক ক্ষতি কৰে সেয়া নিয়ন্ত্ৰণ কৰাৰ কোনো উপায় নাথাকে। বিস্ফোৰণ নোহোৱাকৈয়ে মাটিত দীৰ্ঘদিন ধৰি সজীৱ হৈ থাকিব পাৰে।
বিশেষজ্ঞসকলৰ মতে এই বৈশিষ্ট্যই কেতিয়াবা ক্লাষ্টাৰ বোমাক বেলিষ্টিক মিছাইলতকৈ অধিক বিপজ্জনক কৰি তোলে। মাটিত খুন্দা মৰাৰ পিছতো যদি বিস্ফোৰণ নহয়, তেন্তে এই বোমাৰ বিষয়ে মানুহ অৱগত নহ’বও পাৰে। গতিকে কোনোবা প্ৰকাৰে পৰৱৰ্তী সময়ত মানুহৰ সংস্পৰ্শলৈ আহিলে এই বোমা বিস্ফোৰণ হোৱাৰ সম্ভাৱনা থাকে।
ইৰাণৰ আক্ৰমণৰ পিছত ইজৰাইলৰ হোম ফ্ৰন্ট কমাণ্ডে জনস্বাৰ্থত এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতিত কোৱা হৈছে "আজি পুৱা আমি বহল অঞ্চলত ক্ষুদ্ৰ অস্ত্ৰ বিয়পাই দিব পৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সন্মুখীন হ'লোঁ। কিছুমান অস্ত্ৰ এতিয়াও সক্ৰিয় হৈ আছে আৰু পথত পৰি আছে। গতিকে পথত পৰি থকা কোনো বস্তু স্পৰ্শ নকৰিব। যদি সন্দেহ হয় তেন্তে জৰুৰীকালীন নম্বৰত ফোন কৰি খবৰ দিব।"
উল্লেখ্য যে, ২০০৮ চনত ‘ক্লাষ্টাৰ মিউনিচনৰ সন্ধি’ নামৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি স্বাক্ষৰিত হৈছিল। সেই চুক্তি অনুসৰি ক্লাষ্টাৰ বোমা সংৰক্ষণ, পৰিবহণ বা ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
১১১খন দেশ আৰু ১২টা সংগঠনে এই চুক্তিত স্বাক্ষৰ কৰে। কিন্তু আমেৰিকা, ইজৰাইল, ইৰাণৰ দৰে প্ৰধান সামৰিক শক্তিসমূহে এই চুক্তিত সন্মতি প্ৰকাশ কৰা নাছিল। ২০২৩ চনত ৰাছিয়াৰ বিৰুদ্ধে আক্ৰমণৰ বাবে ইউক্ৰেইনক ক্লাষ্টাৰ বোমা প্ৰদান কৰিছিল আমেৰিকাই।