তিনিচুকীয়াৰ দশম শ্ৰেণীৰ ছাত্ৰীয়ে যোগ দিলে আলফা(স্বা:)ত

তিনিচুকীয়াৰ দশম শ্ৰেণীৰ ছাত্ৰীয়ে যোগ দিলে আলফা(স্বা:)ত

author-image
asomiyapratidin
New Update
তিনিচুকীয়াৰ দশম শ্ৰেণীৰ ছাত্ৰীয়ে যোগ দিলে আলফা(স্বা:)ত

ডিজিটেল ডেস্কঃ আলফা (স্বা:)ৰ প্ৰতি ক্ৰমাৎ আকৰ্ষিত হৈছে ৰাজ্যৰ যুৱক- যুৱতীসকল। এইবাৰ আলফাত যোগ দিলে দশম শ্ৰেণীৰ ছাত্ৰীয়ে। প্ৰাপ্ত খবৰ অনুসৰি তিনিচুকীয়া জিলাৰ লেখাপানীৰ এগৰাকী যুৱতীয়ে এইবাৰ যোগ দিলে নিষিদ্ধ ঘোষিত সংগঠনটোত। আলফাৰ যোগ দিয়া যুৱতীগৰাকীৰ নাম কৰিশ্মা মেচ। বিগত এসপ্তাহ ধৰি নিৰুদ্দিষ্ট হৈ আছে ছাত্ৰীগৰাকী।

Advertisment

জিলাখনৰ লেখাপানীৰ ফালেংগাঁৱৰ যুৱতীগৰাকীৰ আলফাৰ যোগ দিয়াৰ খবৰ ৰাজ্যজুৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। জাগুন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী কৰিশ্মা মেচে ইতিমধ্যে আলফা (স্বা)ত যোগ দিয়াৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

এই ঘটনাৰ পাছতে অসম আৰক্ষীটো এক জোকাৰণিৰ সৃষ্টি হৈছে। যুৱতীগৰাকী আলফাত যোগ দিয়াৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যখনত সৃষ্টি হোৱা প্ৰতিবাদমূলক পৰিৱেশৰ বাবে যুৱতীগৰাকীয়ে এনে সিদ্ধান্ত লোৱা বুলিও সন্দেহ কৰিছে একাংশ লোকে। কিয়নো বৰ্তমান সময়ত চৰকাৰৰ প্ৰতি ক্ষোভিত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বহু যুৱক- যুৱতীক।