/asomiyapratidin/media/media_files/2025/12/13/jhijhnjihojho-2025-12-13-23-49-56.jpg)
ডিজিটেল সংবাদ, ডবকাঃ ডবকাত দিনক দিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ভূমিকেন্দ্ৰিক সংঘাত ৷ শনিবাৰে পুৱাৰ ভাগত ডবকা ভগীৰাম গাওঁত এডোখৰ ভুমিক লৈ দুই পক্ষৰ তুমুল সংঘৰ্ষৰ ফলত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
হাতে হাতে লাঠি লৈ দুই পক্ষৰ প্ৰচণ্ড মাৰপিটক কেন্দ্ৰ কৰি ডবকাত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ মাৰপিটত দুই পক্ষৰ ক্ৰমে হাফিজ নিজাম উদ্দিন, ইনাম উদ্দিন ,আব্দুল জলিল আৰু আফদাব উদ্দিন আহত হয় ৷
আহত সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰে ৷
উল্লেখযোগ্য যে, হাফিজ নিজাম উদ্দিনে ঘৰ নিৰ্মাণ কৰি থকা অৱস্থাত আফদাব উদ্দিনৰ নেতৃত্বত এটি দলে আতৰ্কিত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে এটা চক্ৰই ৷ আনহাতে আফদাব উদ্দিনকো বিপৰীত পক্ষেইমাৰপিট কৰাৰ অভিযোগ আফতাব উদ্দিনৰ।
ইফালে, ভুৱা দলিল প্ৰস্তুত কৰি আফতাব উদ্দিনৰ মাটি দখলৰ অভিযোগ আফদাবৰ৷ ডবকাৰ আনোৱাৰ উদ্দিন ওৰফে বদৰ নামৰ লোক জনৰ সৈতে মাটি বিক্ৰীৰ আলোচনাহে হৈছিল আফতাবৰ৷ বদৰে আফতাবৰ দখলত থকা মাটি নিমাজক চমজাই এই পৰিস্থিতি ঘটনাইছে বুলি আফদাবে অভিযোগ উত্থাপন কৰে ৷
আনহাতে, দুয়ো পক্ষই পৃথকে পৃথকে ডবকা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ| আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব মূল ঘটনা ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us