ধিং সমষ্টিৰ ভোটাৰ তালিকা সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ স্পষ্টীকৰণ; উৰাবাতৰিক ভিত্তিহীন আখ্যা

১৬৩ নং ঘৰৰ ভোটাৰ জহৰা খাতুন, শ্বহিদুল ইছলাম আৰু আবু শ্বামিম আনিচাৰ নামসমূহ ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰাই ভুলবশতঃ একেটা ঘৰ নম্বৰত অন্তৰ্ভুক্ত হৈ আছিল

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁওঃ  নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন ভোটাৰ তালিকাক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ সন্দৰ্ভত নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ জাৰি কৰে। একাংশ সংবাদ মাধ্যমত ১৯৯ নং ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকাত 'অচিনাক্ত ব্যক্তি'ৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি প্ৰকাশ পোৱা বাতৰিক জিলা প্ৰশাসনে সম্পূৰ্ণ ভিত্তিহীন আৰু অসত্য বুলি অভিহিত কৰিছে।

জিলা নিৰ্বাচনী বিষয়াৰ দ্বাৰা জাৰি কৰা বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, ১৬৩ নং ঘৰৰ ভোটাৰ জহৰা খাতুন, শ্বহিদুল ইছলাম আৰু আবু শ্বামিম আনিচাৰ নামসমূহ ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰাই ভুলবশতঃ একেটা ঘৰ নম্বৰত অন্তৰ্ভুক্ত হৈ আছিল। এই নামসমূহ ২০২৬ চনৰ খচৰা ভোটাৰ তালিকাতো একেদৰেই প্ৰতিফলিত হৈছে। প্ৰশাসনে স্পষ্ট কৰি দিছে যে এই ভোটাৰসকল কোনো অচিনাক্ত ব্যক্তি নহয়, তেওঁলোকৰ ঘৰৰ নম্বৰহে আচলতে "১৬৩ খ" হ'ব লাগিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ঘৰৰ নম্বৰৰ এই ত্ৰুটিটো পূৰ্ব-সংস্কৰণ কাৰ্যসূচীৰ অংশ হিচাপে চলোৱা ঘৰুৱা সমীক্ষাৰ সময়ত বুথ পৰ্যায়ৰ বিষয়াই চিনাক্ত কৰিছিল। সংশ্লিষ্ট ভোটাৰসকলে ইতিমধ্যে তেওঁলোকৰ ঘৰৰ নম্বৰ সংশোধনৰ বাবে প্ৰয়োজনীয় আবেদন দাখিল কৰিছে। এই সকলোবোৰ সংশোধিত তথ্য অহা ১০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাত প্ৰতিফলিত হ'ব।

জিলা প্ৰশাসনে পুনৰ দোহাৰে যে, নগাঁও জিলা নিৰ্বাচনী বিভাগে এখন স্বচ্ছ, শুদ্ধ আৰু ত্ৰুটিমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ সম্পূৰ্ণৰূপে দায়বদ্ধ। যিকোনো উৰাবাতৰিত ভোল নগৈ ৰাইজক সংশোধনী প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনোৱা হৈছে।

ধিং