/asomiyapratidin/media/media_files/2025/10/13/508-2025-10-13-11-45-10.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়ক লৈ সম্প্ৰতি উত্তাল হৈ আছে ৰাজ্যৰ ভিন্ন মহল। দল- সংগঠনৰ লগতে জুবিন অনুৰাগী, বিভিন্ন ব্যক্তি-প্ৰতিষ্ঠানৰ উপৰি শিল্পী সমাজেও জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিভিন্ন দাবী জনাই আহিছে।
এই দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী গোটৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। একেদৰে কেইবাগৰাকীক ঘটনা সম্পৰ্কত জেৰা চলাই আছে।
তাৰোপৰি ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিযুক্ত লোককেইগৰাকীকো শেহতীয়াকৈ সোধা- পোচাৰ বাবে তলব কৰিছে। ইয়াৰ মাজতে জুবিন গাৰ্গৰ ভগ্নী ড০ পামী বৰঠাকুৰে ১৩ অক্টোবৰ ২০২৫ সোমবাৰে সামাজিক মাধ্যমত ককায়েক জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলিছে।
তেওঁ ফেচবুকত ‘হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ’ লিখি ১০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলিছে। পামী বৰঠাকুৰৰ এই দাবীৰ প্ৰতি সামাজিক মাধ্যমত বহু সংখ্যক লোকে সঁহাৰি জনাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে।