'জনতাৰ আদালত'ৰ অৰ্থ এইটো নহয় যে আমি বিৰোধীৰ দৰে আচৰণ কৰিমঃ মুখ্য ন্যায়াধীশ...

'জনতাৰ আদালত'ৰ অৰ্থ এইটো নহয় যে আমি বিৰোধীৰ দৰে আচৰণ কৰিমঃ মুখ্য ন্যায়াধীশ...

author-image
Asomiya Pratidin
New Update
'জনতাৰ আদালত'ৰ অৰ্থ এইটো নহয় যে আমি বিৰোধীৰ দৰে আচৰণ কৰিমঃ মুখ্য ন্যায়াধীশ...

ডিজিটেল ডেস্কঃ দেশৰ ন্যায় ব্যৱস্থাত না না নতুন দিশৰ সংযোজনৰে ন্যায়পালিকাত নতুনত্ব অনাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টাত ব্ৰতী হৈ আছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। শেহতীয়াকৈ দেশৰ ন্যায় ব্যৱস্থাৰ অভিন্ন অংগ ন্যায় দেৱীৰ ৰূপ সলনি কৰি বিশেষভাৱে চৰ্চা লাভ কৰা মুখ্য ন্যায়াধীশগৰাকীৰ আন এক মন্তব্যক লৈ এইবাৰ চৰ্চা আৰম্ভ হৈছে।

Advertisment

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, জনতাৰ আদালত হিচাপে উচ্চতম ন্যায়ালয়ৰ ভূমিকা ভৱিষ্যতৰ বাবে কল্যাণজনক আৰু আদৰ্শ হৈ থাকিব লাগিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি সংসদত বিৰোধীয়ে পালন কৰা দায়িত্ব পালন কৰিম।' মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে, আজি এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে ন্যায়ালয়ৰ ৰায়দান কাৰোবাৰ মনক ইচ্ছামতে যদি হৈছে তেনেহলে উচ্চতম ন্যায়ালয় ভাল আৰু যদি তেওঁলোকে ভৱাৰ দৰে হোৱা নাই উচ্চতম ন্যায়ালয় বেয়া। উচ্চতম ন্যায়ালয়ক বহুতে বহুবাৰ কাঠগড়াত থিয় কৰাইছে, প্ৰশ্ন কৰে যে, আমি কেনেকৈ কাম কৰো?

হকে বিহকে দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন তোলা সকলক আওপকীয়াকৈ কটাক্ষ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, আইনৰ সকলো কথা ভালকৈ নজনা একাংশই ন্যায়পালিকাৰ ওপৰত এনেদৰে অভিযোগ অনাটো হাস্যকৰ। তেওঁ লগতে কয় যে, আমি সৰু-বৰ বিচাৰ কৰি কেতিয়াও ৰায়দান নকৰো। আইনৰ দৃষ্টিৰে সকলোবোৰ দিশ চালি-জাৰি চাইহে ৰায়দান কৰো। আমি সকলোৰে কথা গুৰুত্বসহকাৰে শুনো। আৰু মই আহ্বান জনাম যে, যদি কোনো আদালতে এনে কাম কৰা নাই, তেন্তে আজিৰে পৰাই কৰক।

জনতাৰ আদালত