/asomiyapratidin/media/media_files/2025/08/17/jkjjhghjg-2025-08-17-21-34-41.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ গণতান্ত্ৰিক নাগৰিক মঞ্চৰ উদ্যোগত নগাঁও শ্বহীদ ভৱনত দেওবাৰে দিনৰ ১১ বজাৰ পৰা এখনি বিশাল নাগৰিক সভা অনুষ্ঠিত হয়। সমাজ সেৱক ড০ নুৰুল আমিন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসমৰ চাহ জনগোষ্ঠীৰ শ্ৰমিক নেতা বীৰেণ মিৰ্ধাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।
বীৰেণ মিৰ্ধাই ভাষণ প্ৰসংগত উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত জাতিগত আৰু ভাতৃগত সংঘৰ্ষ লগাবলৈ বিচাৰিছে। কেইটামান দুষ্কৃতিকাৰীক উচটাই দি অসমৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ উঠি পৰি লাগিলেও সেয়া আমি হ'বলৈ নিদিও বুলি বক্তব্যত প্ৰকাশ কৰে।
আনহাতে, সভাৰ আৰম্ভণিতে নিৰ্দিষ্ট বক্তা হিচাপে ইক্ৰামুল হুদাই নিজৰ ভাষণত অসমৰ শ্ৰমজীৱি মুছলমানক টাৰ্গেট কৰি উজনিৰ দুই চাৰিজন ভেৰণীয়া গুণ্ডাই যি অমানৱীয় নিৰ্যাতন চলাইছে তাক কোনো পধ্যেই মানি লোৱা নহব বুলি হুংকাৰ দিয়ে। আইন হাতত তুলি লোৱাৰ অধিকাৰ কাৰো নাই, সেয়েহে আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰি মূখ্যমন্ত্ৰীক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান জনায় ।
একেদৰে, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপদেষ্টা আবু বক্কৰ ছিদ্দিকে সভাত বক্তব্য ৰাখি কয় যে,আমি উচ্ছেদৰ বিৰুদ্ধে নহয়, কিন্তু উচ্ছেদৰ নামত এটা জাতিক টাৰ্গেট কৰি অন্যায় ভাৱে নিৰ্যাতন চলোৱাটো অগণতান্ত্ৰিক। একমাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত এনে এক পৰিকল্পিত ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে।
ইফালে, সভাত বিশিষ্ট অতিথি হিচাপে নিজৰ ভাষণ দি মুছলিম ছাত্ৰ সন্থা চমুকৈ মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় যে,মহামান্য উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ সকলো নীতি নিৰ্দেশনাক নস্যাৎ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাচি বাচি অসমৰ খাটি খোৱা মুছলমান সকলক উচ্ছেদ চলাইছে। উচ্ছেদৰ পুৰ্বে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল যদিও সংবিধানৰ শপত খোৱা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক চুড়ান্ত বেঈমানী আৰু হিটলাৰী কায়দাৰে ৰাজ্য চলোৱা বুলি মন্তব্য কৰিছে।
সম্পাদক নছিম আহমেদে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাত আমছাৰ প্ৰাক্তন সভাপতি মোস্তাফা কামাল,উলামা কাউন্সিলৰ সম্পাদক মৌলানা আছাদুল ইছলামৰ লগতে গণতান্ত্ৰিক নাগৰিক মঞ্চৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত সমাজ সেৱক ড০ নুৰুল আমিন চৌধুৰীয়ে অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নাগৰিক সভাই গ্ৰহণ কৰা সিদ্ধান্ত সমূহ পাঠ কৰে। অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এখনি স্মাৰক পত্ৰ প্ৰস্তুত কৰি গণতান্ত্ৰিক নাগৰিক মঞ্চৰ এটা সজাতি দল শীঘ্ৰেই দিল্লীত গৈ ভাৰতৰ ৰাষ্ট্ৰপতি, মূখ্য নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় মানৱ অধিকাৰ আয়োগ,গৃহ সচিবক সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে মঞ্চৰ সভাপতি নুৰুল আমিন চৌধুৰীয়ে।
সভাৰ অন্তত অনুষ্ঠিত কৰা সংবাদ মেলত নুৰুল আমিন চৌধুৰী আৰু ইক্ৰামুল হুদাই কয় যে, ১৯৭১ চনৰ ২৫ মাৰ্চক নাগৰিকত্বৰ ভিত্তি বৰ্ষ হিচাপে ধৰি লৈ উজনিত উশৃংখল কৰা আৰু খাটি খোৱা এচাম ভাৰতীয় নাগৰিকক শাৰাশাস্তি কৰা লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিব লাগে। ডি ভোটাৰ, এন আৰ চি আৰু অতি শেহতীয়াকৈ উত্থাপিত হোৱা অমানৱীয় উচ্ছেদৰ যাৱতীয় স্পৰ্শকাতৰ বিষয়বোৰ ৰাজনীতিৰ উৰ্ধত থাকি ৰাজধৰ্ম বৰ্তাই ৰাখি ৰাজ্যত শান্তি সম্প্ৰীতিৰ এক মসৃণ বতাহ বোৱাই নিবলৈ নগাঁও গণতান্ত্ৰিক নাগৰিক মঞ্চই মুখ্যমন্ত্ৰীক আহ্বান জনায়।