চিমেন চাপৰিত সংযুক্ত বড়ো গণ মঞ্চৰ দ্বাদশ বাৰ্ষিক অধিৱেশন

চিমেন চাপৰি সানজাৰী নগৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল ঐতিহাসিক বড়ো চুক্তিৰ স্বাক্ষৰকাৰী অন্যতম অংশীদাৰ সংযুক্ত বড়ো গণ মঞ্চৰ দ্বাদশ বাৰ্ষিক অধিবেশন।

author-image
Asomiya Pratidin
New Update
fsfwdwsasasa

ডিজিটেল সংবাদ, ধেমাজিঃ চিমেন চাপৰি সানজাৰী নগৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল ঐতিহাসিক বড়ো চুক্তিৰ স্বাক্ষৰকাৰী অন্যতম অংশীদাৰ সংযুক্ত বড়ো গণ মঞ্চৰ দ্বাদশ বাৰ্ষিক অধিবেশন।

বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰ হ'ল হাজাৰ হাজাৰ বড়ো জনতা। অসমৰ লগতে অৰুণাচল,ত্ৰিপুৰা, মেঘালয়,মণিপুৰ,মিজোৰাম, নাগালেণ্ড আদিৰ পৰা আহি সমবেত হ'ল বড়ো ৰাইজ। শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হল উদ্বোধনী অনুষ্ঠান। উদ্বোধন কৰা হ'ল মুখ্যদ্বাৰ, প্ৰদৰ্শনী, বানিজ্য মেলা, ভোজনালয়, প্ৰতিনিধি শিবিৰ। অধিৱেশনৰ বাবে সজোৱা প্ৰদৰ্শনীমূলক বড়ো গাঁৱতে বাথৌ নিয়মৰ মাজেৰে সম্পন্ন কৰা হ'ল এখন বিবাহ।

এই অনুষ্ঠানত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগতে গণ শিল্পী ডঃ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, সাহিত্যিক টাবুৰাম টাইড, ভীম্বৰ দেউৰীলৈকে বহু পুৰুধা ব্যক্তিক আয়োজকে জনালে সশ্ৰদ্ধ প্ৰণিপাত। অনুষ্ঠানত উপস্থিত থাকি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো কছাৰী কল্যান স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনিশ্বৰ বসুমতাৰীৰ লগতে জনগোষ্ঠীটোৰ বহু মুধাফুটা ব্যক্তিৰ সৈতে কৰি গ'ল বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনা। 

শুকুৰবাবে নিশা কেইবাজনো বড়ো শিল্পীৰ গীত নৃত্যৰে মুখৰ হৈ থাকিল সানজাৰী নগৰ। আজি দ্বিতীয় দিনাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে BTC প্ৰমুখ হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব।

হাগ্ৰামা মহিলাৰী