১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব চিগাৰেটৰ দাম

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চিগাৰেটৰ ওপৰত নতুন আৱকাৰী শুল্ক আৰোপ কৰিছে। কেৱল ব্ৰেণ্ড নহয়, বৰঞ্চ চিগাৰেটৰ আকাৰ বা দৈৰ্ঘ্যই নিৰ্ধাৰণ কৰিব ইয়াৰ মূল্য।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ যদি আপুনি ধূমপান কৰে তেন্তে  আপোনাৰ বাবে আহিছে এক বেয়া খবৰ। ফেব্ৰুৱাৰী মাহৰ পৰা আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ চিগাৰেটৰ বাবে অধিক ধন ভৰিবলগীয়া হ’ব পাৰে আপুনি। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰা শেহতীয়া জাননী অনুসৰি, ১ ফেব্ৰুৱাৰীৰ পৰা চিগাৰেটৰ ওপৰত নতুন আৱকাৰী শুল্ক আৰোপ কৰা হ'ব। এই নতুন নিয়ম অনুসৰি, কেৱল ব্ৰেণ্ডৰ নাম নহয়, বৰঞ্চ চিগাৰেটৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হ'ব।

WhatsApp Image 2026-01-04 at 5.27.13 PM

প্ৰণিধানযোগ্য যে, চৰকাৰে ৰূপায়ণ কৰি থকা নতুন ব্যৱস্থাৰ অধীনত প্ৰতি ১০০০ চিগাৰেটৰ ষ্টিকত আবকাৰী শুল্ক হিচাপ কৰা হ’ব। এতিয়া প্ৰতিটো চিগাৰেটৰ ওপৰত কৰ দৈৰ্ঘ্য অনুসৰি বেলেগ বেলেগ হ’ব। যদি আপুনি ফিল্টাৰ অবিহনে ৬৫ মিমিতকৈ চুটি চিগাৰেট খায় তেন্তে এতিয়া প্ৰতি চিগাৰেটত ২.০৫ টকা আবকাৰী শুল্ক আৰোপ কৰা হ’ব। কিন্তু যদি চিগাৰেটতো ফিল্টাৰ, কিন্তু ৬৫ মিমিতকৈ চুটি হয় তেন্তে প্ৰতি ষ্টিকত কৰ হ’ব ২.১০ টকা। 

WhatsApp Image 2026-01-04 at 5.27.05 PM

ইপিনে বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ পৰামৰ্শ অনুসৰি, ধঁপাতৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ কৰৰ বোজা খুচুৰা মূল্যৰ কমেও ৭৫ শতাংশ হ’ব লাগে। বৰ্তমান ভাৰতত এই হাৰ প্ৰায় ৫৩ শতাংশ, গতিকে ৰাজহ বৃদ্ধিৰ লগতে জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থতো চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ভাৰতত এই যথেষ্ট বৃদ্ধি পোৱাৰ পাছতো মুঠ কৰ বোজা WHO ৰ মানদণ্ডৰ তলত আছে। ধঁপাত কৰ নীতিক এই বিশ্ব মানদণ্ডৰ ওচৰলৈ লৈ গৈ জনস্বাস্থ্য উন্নত কৰাৰ লক্ষ্য লৈছে চৰকাৰে। 

WhatsApp Image 2026-01-04 at 5.26.54 PM

চিগাৰেট