চিআইডিৰ কাৰ্যালয়ত ফগিং কৰিছে জিএমচিয়ে, লগাইছে নতুন পানীৰ টেংক

এতিয়া লকআপত মহৰ কামোৰ খাইছে শ্যামকানু আৰু সিদ্ধাৰ্থই। মহৰ কামোৰ খাই অতিষ্ঠ হৈছে শেখৰজ্যোতি আৰু অমৃতপ্রভা। যাৰবাবে মহৰ কামোৰৰ পৰা পৰিত্রাণ পাবলৈ CIDৰ কাৰ্যালয়ত ফগিঙৰ ব্যৱস্থা কৰা হৈছে

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-12 at 7.12.15 PM

ডিজিটেল ডেস্কঃ দেওবাৰে CIDৰ কাৰ্যালয়ত ফগিং কৰিছে GMC–এ। এতিয়া লকআপত মহৰ কামোৰ খাইছে শ্যামকানু আৰু সিদ্ধাৰ্থই। মহৰ কামোৰ খাই অতিষ্ঠ হৈছে শেখৰজ্যোতি আৰু অমৃতপ্রভা। যাৰবাবে মহৰ কামোৰৰ পৰা পৰিত্রাণ পাবলৈ CIDৰ কাৰ্যালয়ত ফগিঙৰ ব্যৱস্থা কৰা হৈছে। 

Captur
নতুন পানীৰ টেংক

ইফালে, CIDৰ কাৰ্যালয়ত ভাল পানী বিচাৰি হাহাকাৰ কৰিছে শ্যামকানু আৰু অমৃতপ্ৰভা মহন্তই। সৌসিদিনা লৈ বিলাসী জীৱন কটোৱা অভিযুক্তই বিগত ১২টা দিনে ভাল পানী ব্যৱহাৰ কৰিব পৰা নাই। যাৰবাবে দেওবাৰে CID কাৰ্যালয়লৈ অনা হৈছে নতুন পানীৰ টেংক।দেওবাৰে নতুন পানীৰ টেংক লগাবলৈ কৰ্মচাৰীৰ ব্যস্ততা দেখা গ'ল CID কাৰ্যালয়ত।

cid