/asomiyapratidin/media/media_files/2025/10/05/cid-office-05-2025-10-05-15-48-07.jpg)
ডিজিটেল ডেস্কঃ চি আই ডিৰ কাৰ্যালয়ত আজি হাজিৰ হোৱা সাংবাদিক প্ৰণয় বৰদলৈ আৰু স্বাৰস্বত গোস্বামীক লৈ যোৱা হৈছে চি জে এম আদালতলৈ। সাংবাদিক দুগৰাকীয়ে আজি চি জে এম আদালতত তেওঁলোকৰ ভাষ্য প্ৰদান কৰিব।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছত ১৯ ছেপ্তেম্বৰতে ছিংগাপুৰ জেনেৰেল হাস্পতালত উপস্থিত হৈছিল প্ৰণয় বৰদলৈ। ২০ ছেপ্তেম্বৰৰ পুৱাই উপস্থিত হৈছিলগৈ সাৰস্বত গোস্বামীয়ে। দুয়োগৰাকীয়েই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তাৰ পৰাই বাতৰি পৰিবেশন কৰিছিল।
শনিবাৰে এই দুয়োগৰাকী সাংবাদিকেই চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ ভাষ্য প্ৰদান কৰাৰ পাছত আজি পুনৰ চি আই ডিৰ কাৰ্যালয়লৈ মাতে। চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ পাছতেই তেওঁলোক দুয়োকে চি জে এম আদালতলৈ লৈ যোৱা হয় আৰু তাতেই ভাৰতীয় ন্যায় সংহিতাৰ ১৮৩ ধাৰা অনুসৰি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হয়।
এই সন্দৰ্ভত সাংবাদিক, সম্পাদক প্ৰণয় বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত কয়, কোনোবাই কোনোবাই কৈছে আমাক চি আই ডিয়ে জেৰা কৰিছে। জেৰা কৰাৰ কথাই নাহে। আমাৰ ভাষ্যহে সংগ্ৰহ কৰিছে। কালি যিখিনি কথা আমি চি আই ডিৰ আগত কলো সেই কথাখিনিয়েই আজি আদালতত ন্যায়াধীশৰ আগত ক’ব লাগিব। আমাৰ নিউজ চেনেলত আমি যি যি নিউজ কৰিছিলো সেই সন্দৰ্ভতে আমাৰ ভাষ্য প্ৰদান কৰিছো। সেই ভাষ্যখিনিকে আজি আদালততো দিব লাগিব।
ইফালে আজি চি আই ডিৰ কাৰ্যালয়ত আজি ১০ গৰাকীৰো অধিক ব্যক্তি উপস্থিত হৈছে। প্ৰণয় বৰদলৈ, সাৰস্বত গোস্বামীৰ উপৰিও চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় জুবিনৰ সহ শিল্পী মেঘনা বৰপূজাৰী, অভিনেত্ৰী বৈশালী মেধি, দেহৰক্ষী নন্দেশ্বৰ বৰা, ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অমৃত প্ৰভা মহন্তৰ ককায়েক নিসাদ মহন্ত, অভিনেত্ৰী সুস্মিতা কলিতা, অভিনেত্ৰী পম্পি মেচ, জুবিনৰ বাহনৰ চালক হিতেশ হালৈ, জুবিনৰ ভাতৃ সন্দীপন গাৰ্গ আৰু জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী পাৰ্থ প্ৰতীম গোস্বামী।
ইয়াৰে পাৰ্থ প্ৰতীম গোস্বামীয়ে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত জুবিনৰ বেণ্ডৰ অন্যতম সদস্য তথা তেওঁলোকৰ সতীৰ্থ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে বহু কেইটা মন্তব্য কৰে। শেখৰজ্যোতি গোস্বামীয়ে আনৰ কেতিয়াও ভাল দেখিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে।তেওঁ প্ৰশ্ন কৰে, যহিতে শেখৰে বিহ পানৰ কৰোৱাৰ কথা জানিছিল তেন্তে আগতেই কিয় বাধা নিদিলে?