সামাজিক মাধ্যমৰ ওপৰত তীক্ষ্ণ দৃষ্টি অসম আৰক্ষীৰঃ ভুৱা ফটো, খবৰ বিয়পালেই পৰিব বিপদত..

সামাজিক মাধ্যমৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে। সামাজিক মাধ্যমত ভুৱা এ আই জেনেৰেটেড ফটো আৰু ভুৱা খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। 

author-image
Asomiya Pratidin
New Update
new ap web 4

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে। সামাজিক মাধ্যমত ভুৱা এ আই জেনেৰেটেড ফটো আৰু ভুৱা খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। 

আজি অসম আৰক্ষীৰ চি আই ডি বিভাগে এই সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে সতৰ্কবাণী জাৰি কৰিছে। উল্লেখ্য যে, জুবিন গাৰ্গৰ হত্যা কাণ্ডৰ সৈতে নাম জড়িত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ বহু কেইখন ফটো সামাজিক মাধ্যমত বিয়পি পৰিছে। 

চি আই ডিয়ে হেণ্ডকাফ লগাই ধৰি অনা শ্যামকানুৰ আনকি আৰক্ষী থানাৰ ভিতৰৰ লক-আপৰো ফটো ভাইৰেল হৈ পৰিছে। তাৰ মাজতেই দেখা গৈছে চি আই ডিৰ আৱেষ্টনীত আৰক্ষীৰ বাহনত থকা এখন ফটো এ আইৰ জৰিয়তে সম্পাদনা কৰি কোনো এক চক্ৰই সামাজিক মাধ্যমত বিয়পাই দিছে। 

য’ত চি আইৰ ডিৰ আৱেষ্টনীত শ্যামকানু মহন্তই হাঁহি থকা দেখা গৈছে। এই ফটো শ্বেয়াৰ কৰি বহুতেই চি আই ডিৰ জিম্মাত শ্যামকানুৱে ৰাজ আতিথ্য পোৱা বুলি এক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। 

সেয়ে চি আই ডিয়ে এনে ভুৱা আৰু এ আই জেনেৰেটেড ফটো, খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাৰ্তা দিছে।

এক সামাজিক মাধ্যমৰ পোষ্টত চি আই ডিয়ে লিখিছে এইদৰে- Assam police is strictly monitoring the social media platforms. If anyone is found spreading “fake AI generated pics or fake news” strict legal action will be initiated against them.

জুবিন গাৰ্গ চি আই ডি