জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল...

আৰক্ষীৰে হতাহতি, চুতীয়া ছাত্ৰৰ নেতা আহত

author-image
Asomiya Pratidin
New Update
জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ  প্ৰতিবাদী সমদল...

CHUTIYA STUDENT UNION

ডিজিটেল সংবাদ , ধেমাজিঃ অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া সকলক জনজাতি মৰ্যদা প্ৰদান আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীৰে দেওবাৰে চিচিবৰগাঁৱৰ আকাশ বতাহ উত্তাল কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক জনজাতিকৰণৰ নামত বাৰম্বাৰ চৰকাৰে প্ৰতাৰণা কৰা বুলি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ আহ্বানত জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিবলৈ চিচিবৰগাঁও মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অঞ্চলৰ কেইবাখনো গাঁৱৰ পৰা চুতীয়া ছাত্ৰ সন্থাৰ কেইবাশ ছাত্ৰ আৰু স্থানীয় ৰাইজ উপস্থিত হয়।

Advertisment

প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে চিচিবৰগাঁও মজলীয়া বিদ্যালয়ৰ খেলপথাৰৰ পৰা জোৰ লৈ ওলাবলৈ সাজু হওঁতে আৰক্ষীয়ে শ শ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকে বাধা প্ৰদান কৰে আৰু ফলত আৰক্ষীৰ , সৈতে প্রতিবাদকাৰীৰ হতাহতি হয় । সশস্ত্ৰ আৰক্ষীয়ে প্ৰতিবাদীসকলক চাৰিওফালৰ পৰা ঘেৰি ৰাখে আৰু আৰক্ষীয়ে বলপূৰ্বকভাৱে জোৰ সমূহ কাঢ়ি নিয়ে।

আৰক্ষীয়ে প্ৰয়োজন হ'লে কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহন কৰি গুলী চলোৱাৰ ভাবুকি প্ৰদান কৰে । এই কথাত ক্ষুণ্ণ হৈ প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ বেহু ভাঙি অসম আৰক্ষী মুৰ্দাবাদ, অসম চৰকাৰৰ হায় হায় , মিছলীয়া মোডী ৰসাতলে যাওক আদি শ্ল'গান দি আগবাঢ়ি যায়।

সেই সময়তে আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত বহু কেইজন প্ৰতিবাদী আহত হয়। ইয়াৰে চুতীয়া ছাত্ৰ সন্থাৰ নেতা ইন্দ্ৰজিৎ চুতীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয়।

ইফালে আৰক্ষীৰ এই বৰ্বৰতাত ক্ষোভিত হৈ সকলোৱে জোৰ বিহীন ভাৱে হ'লেও চিচিবৰগাঁও চাৰিআলি হৈ সমদল কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠে। স্থানীয় দোকানী, লোক সকলেও দোকান বজাৰ বন্ধ কৰি সহযোগিতা আগবঢ়ায়।

ৰাষ্ট্ৰীয় ঘাইপথ পোৱাৰ সময়তে পুনৰ আৰক্ষীয়ে সৰ্বশক্তিৰে বাধা প্ৰদান কৰাত পুনৰ দুয়ো পক্ষৰ মাজত হতাহতি হয় । বিজেপি, গ' বেক, হিমন্ত হায় হায়, নৰেন্দ্ৰ মোদী মিছলীয়া, প্ৰদান-ভুৱন মুৰ্দাবাদ, চুতীয়া ছাত্ৰ জিন্দাবাদ, চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন দিবই লাগিব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল চুতীয়া ছাত্ৰ সন্থা, মহিলা আৰু স্থানীয় ৰাইজে চিচিবৰগাঁৱৰ আকাশ বতাহ কঁপাই সতী সাধনী ভৱনৰ দিশেৰে ধাৱমান হয়।

পদূলি মুখত ৰৈ চাই থকা স্থানীয় ৰাইজেও সমদলটোৰ লগত সহযোগ কৰে। আৰক্ষীয়ে পুনৰ ভাবুকি দিয়াত ডেৰ কিলমিটাৰ পথ অতিক্ৰমি চৌখামটিং চাৰিআলিস্থ সাধনী ভৱনৰ সন্মুখতে ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰী সকল বহি পৰে আৰু পুনৰ আৰক্ষীৰ লগত হতাহতি লাগে।

এইবাৰ আৰক্ষী অসহায় হৈ প্ৰতিবাদকাৰী সকলক বাৰম্বাৰ পথ অৱৰোধৰ নকৰিবলৈ আহ্বান জনাই যদিও আৰক্ষীৰ কথাত কোনো গুৰুত্ব নিদি চৰকাৰ বিৰোধী শ্ল'গান দি বহু সময় পথৰ ওপৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে।

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে শ শ যান-বাহন ৰৈ থাকিবলগীয়াত পৰে। অৱশেষত যান-বাহন আৰু যাত্ৰীসকলৰ অনুৰোধত ৰাজপথৰ পৰা উঠি প্ৰতিবাদকাৰী সকলে বীৰাংগনা সতী সাধনী ভৱনলৈ গৈ তাত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

সভাত নিৰ্বাচনৰ পূৰ্বে চুতীয়া সকলক মিছা আশ্বাস দিয়া কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। আৰক্ষীৰ ভূমিকাকো সমালোচনা কৰি কয় যে বৰ্তমানৰ ফেচিষ্ট চৰকাৰৰ আৰক্ষীয়ো অমানুহ আৰু অত্যাচাৰী হৈ উঠিছে।

চৰকাৰৰ দৰে আৰক্ষীয়েও গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা হৈছে। এইদৰে বহ সময় ধৰি চুতীয়া ছাত্ৰ সন্থাৰ জিলা সভাপতি তিম চুতীয়া, সাধাৰণ সম্পাদক অৰ্জুন প্ৰতিম চুতীয়াৰ নেতৃত্বত নিশা সাধনী ভৱনত প্ৰতিবাদী কাৰ্যসূচীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই প্ৰতিবাদী সভাত বক্তব্য ৰাখি চুতীয়া সকলক জনজাতি নকৰালৈকে ক্ষান্ত নহওঁ বুলি বক্তব্য ৰাখে। সকলোৱে সমুহীয়াভাৱে বৰ্তমানৰ চৰকাৰক গৰিহনা দি সভাৰ সামৰণি মাৰে ।

CHUTIYA STUDENT UNION