/asomiyapratidin/media/media_files/2025/08/28/dh-28-2025-08-28-20-13-06.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা আবকাৰী চক্ৰত অবৈধ চুলাই ভাটী উচ্ছেদ অভিযান অব্যাহত আছে। ঢকুৱাখনা আবকাৰী চক্ৰৰ উপ-অধীক্ষক তোলন নৰহ, পৰিদৰ্শক পৰাগ চেতিয়া, উপ-পৰিদৰ্শক আনিছ কালামৰ নেতৃত্বত বৃহস্পতিবাৰে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঠেকেৰাগুৰি, দক্ষিণ চাপৰি মিচিং গাঁও, মাতমৰা, দীঘলা চাপৰি, বিৰাধৰা, জামুগুৰি, টাউন তিনিআলি, য়াকেন, চণ্ডী গাঁও আদিত অভিযান চলায়।
এই অভিযানৰ সময়ত বহু গোপন আৰু ঘন জংঘলৰ মাজত লুকুৱাই ৰখা প্ৰায় ১২০০ লিটাৰ চুলাই প্ৰস্তুত কৰা "পাজ", ৩০ লিটাৰ চুলাই মদ, ৫ টা চুলাই প্ৰস্তুত কৰা সঁজুলি জব্দ কৰি থলিতে বিনষ্ট কৰে। আবকাৰী বিভাগৰ আজিৰ অভিযান কালত মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ নেতৃত্বই সক্ৰিয় সহযোগিতা আগবঢ়ায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us