/asomiyapratidin/media/media_files/2025/12/27/536-2025-12-27-16-33-30.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : অবিভক্ত শিৱসাগৰ জিলাবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱ হোৱাৰ পথত। বৰ অসমৰ স্ৰষ্টা তথা ছশ বছৰীয়া আহোম যুগৰ সোণালী স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে শিৱসাগৰ, চৰাইদেউবাসীয়ে দীৰ্ঘ সময়ৰ পৰা চ্যুকাফাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী জনাই আহিছিল। এই দাবী শেহতীয়াভাৱে স্বীকৃতি প্ৰদান কৰাত শৈক্ষিক ক্ষেত্ৰত এক মাইলৰ খুটি হিচাবে পৰিগণিত হৈছে ।
হ'বলগীয়া বিশ্ববিদ্যালয়ৰ বাবে শনিবাৰে চাওফা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পন সমিতি, আটাছু ছ্যৈকাফা আঞ্চলিক সমিতি, বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম সংৰক্ষণ আৰু উন্নয়ন মঞ্চ, আহোম ৰয়েল চচাইটিৰ উদ্যোগত চৰাইদেউ চাহ বাগিচাৰ ৰাইজ তথা চৰাইদেউবাসী ৰাইজৰ সহযোগত শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ লেঙীবৰ পঞ্চায়তৰ অন্তৰ্গত হাটখোলাত এক স্থান নিৰ্বাচন কৰি ঠাই মুকলি অভিযান চলায় ।
উল্লেখযোগ্য যে আলফা আৰু চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম দাবীৰ এটা আছিল চ্যুকাফা বিশ্ববিদ্যালয়। ইয়াৰ লগতে শিৱসাগৰ, চৰাইদেউ জিলাৰ বহু বুৰঞ্জীবিদ, বিশিষ্ট ব্যক্তিয়ে বিশ্ববিদ্যালয়ৰ পোষকতা কৰাৰ সমান্তৰালভাৱে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও বিধানসভাৰ মজিয়াত চ্যুকাফা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ আগবঢ়াই আহিছিল ।
এই প্ৰস্তাৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰে শেহতীয়াকৈ অনুমোদন জনায় । যাৰ বাবে চৰাইদেউ, শিৱসাগৰবাসী জনসাধাৰণ উৎফুল্লিত হৈ পৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us