/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-22-21-16.jpg)
ডিজিটেল ডেস্কঃ ২৫ ডিচেম্বৰত পালন কৰা বৰদিন। এই দিনটো যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰা হয়।কিন্তু বৰদিনত ব্যৱহাৰ কৰা খ্ৰীষ্টমাছ গছডালৰ আছে বিশেষ মহত্ব। এই গছজোপা জীৱনৰ ধাৰাবাহিকতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/chr2310_coffeeset_main_3_2048x-2025-12-19-22-19-25.webp)
উল্লেখ্য যে, খ্ৰীষ্টান ধৰ্মৰ প্ৰচলনৰ আগতেই উত্তৰ ইউৰোপীয় সম্প্ৰদায়ে শীতকালত চিৰসেউজ গছক জীৱন আৰু পুনৰুজ্জীৱনৰ প্ৰতীক হিচাপে উপাসনা কৰিছিল।মাৰ্টিন লুথাৰৰ ভূমিকা: ১৬শ শতিকাত, মাৰ্টিন লুথাৰে বৰফৰ মাজত জিলিকি থকা গছৰ ডাল দেখি ইয়াৰ সৌন্দৰ্যত মুগ্ধ হৈ ঘৰলৈ নি, তাত বন্তি জ্বলাইছিল বুলি কোৱা হয়, যাৰ পৰা এই পৰম্পৰাৰ আৰম্ভণি হয় বুলি ধাৰণা কৰে। বৰদিন গছ সজোৱা প্ৰথাটো প্ৰথমতে জাৰ্মানীৰ পৰা আৰম্ভ হৈছিল বুলি গণ্য কৰা হয়, য'ত এই গছবোৰক "ক্রিস্ৎবম" বুলি কোৱা হৈছিল। পিছলৈ, এই পৰম্পৰা ইংলেণ্ডৰ ৰাণী ভিক্টৰিয়া আৰু তেওঁৰ জাৰ্মান স্বামী প্রিন্স এলবাৰ্টৰ জৰিয়তে বিশ্বজুৰি বিয়পি পৰে, যাৰ ফলত ই এক বিশ্বজনীন পৰম্পৰালৈ পৰিণত হয়। তদুপৰি চীনা আৰু ইব্ৰীসকলৰ বাবে এই গছজোপাৰ স্থাপন এক প্ৰথাৰ দৰে আছিল। ইতিহাসৰ তথ্য অনুসৰি ইউৰোপীয়সকল যথেষ্ট প্ৰকৃতি প্ৰেমিক আছিল তেওঁলোকৰ মাজত পূৰ্বৰে পৰা বৃক্ষ পূজা প্ৰচলিত আছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/images-12-2025-12-19-22-19-37.jpg)
ইপিনে এই চিৰসেউজ গছজোপাই যীশু খ্ৰীষ্টৰ চিৰন্তন জীৱন আৰু পবিত্ৰতাৰ প্ৰতীক।গছত জ্বলোৱা বন্তি বা মমবাতিতে পোহৰ আৰু আশাৰ প্ৰতীক, পোহৰ কঢ়িয়াই আনে।উপহাৰ দি সজোৱা হয় গছজোপা। যি স্বৰ্গীয় উপহাৰ আৰু আনন্দৰ প্ৰতীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us