/asomiyapratidin/media/media_files/2026/02/03/reterewr-2026-02-03-09-55-37.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ সমগ্ৰ অসমবাসীৰ লগতে গহপুৰ বাসীৰ বাবে সুখবৰ। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত গুৱাহাটীৰ মালিগাঁৱত অনুষ্ঠিত হোৱা Assam Got Talent প্ৰতিযোগিতাৰ Season 10 ত গহপুৰৰ ৫ গৰাকী প্ৰতিযোগী বিজয়ী হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
গহপুৰৰ জনপ্ৰিয় আৰু অভিজ্ঞ নৃত্য প্ৰশিক্ষক ক্ৰিছ দাসৰ দ্বাৰা পৰিচালিত KRISH DANCE ACADEMY ৰ জৰিয়তে ৫ গৰাকী ছাত্ৰী ক্ৰমে প্ৰীয়া দাস,ৰশ্মিতা ঘোষ,শৰণ্যা হাজৰিকা, লিডিয়া বসুমতাৰী আৰু পৰিণীতা বৰাই আসাম গট টেলেন্টত অংশ লৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/whatsapp-image-2-2026-02-03-09-56-03.jpeg)
নিজৰ প্ৰতিভা আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ বলত ইমান এখন ডাঙৰ মঞ্চত তেওঁলোক বিজয়ী হ'বলৈ সক্ষম হৈছে।এই বিজয়ৰ পাছতেই উক্ত পাঁচ গৰাকী ছাত্ৰীয়ে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ মুম্বাইলৈ যোৱাৰ সুযোগ লাভ কৰিছে।
গহপুৰৰ কৃষ্টি-সংস্কৃতি প্ৰেমী ৰাইজে নৃত্য প্ৰশিক্ষক ক্ৰিছ দাসৰ লগতে ছাত্ৰী কেইগৰাকীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।উল্লেখযোগ্য যে-নিত্য নতুন আকৰ্ষণীয় নৃত্য শৈলীৰ জৰিয়তে যুৱ নৃত্য প্ৰশিক্ষক ক্ৰিছ দাসে এক নতুনত্ব প্ৰদান কৰিছে গহপুৰৰ সাংস্কৃতিক ক্ষেত্ৰত।তেওঁৰ এই নৃত্য প্ৰশিক্ষণৰ পদ্ধতিক শলাগ লৈছে গহপুৰৰ সংস্কৃতি প্ৰেমী ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us