/asomiyapratidin/media/media_files/2026/02/14/1-2026-02-14-15-31-31.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সফল অভিযান। দুটা হস্তনিৰ্মিত বন্দুকসহ এটা চোৰাংচিকাৰী গ্ৰেপ্তাৰ। ঘটনা সন্দৰ্ভত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিয়া মতে, বিশেষ সূত্ৰৰ পম খেদি শুক্ৰবাৰৰ দিনটোত জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰী থানাৰ অন্তৰ্গত মালভিটা এলেকাৰ সংৰক্ষিত বনাঞ্চল এলেকাত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত আমগুৰী থানাৰ আৰক্ষীৰ দলে যৌথ অভিযান চলাই দুটা হস্তনিৰ্মিত বন্দুকসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-2026-02-14-15-20-34.jpeg)
আটকাধীন চোৰাংচিকাটো ৰাকেব নাৰ্জাৰী বুলি জানিব পৰা গৈছে। ইপিনে চোৰাংচিকাৰীটোৰ ঘৰ মালভিটাৰ জালুকবাৰী গাঁৱত। ধৃত চোৰাংচিকাৰীটোৰ জিম্মাৰ পৰা আৰক্ষীৰ দলে দুটা হস্তনিৰ্মিত বন্দুক, এখন খুকুৰী, দুটা মৃত চৰাই, এশটা মৰা চৰাইৰ পাখি, দুটা সন্দেহজনক বিষ্ফোৰক সামগ্ৰী ভৰ্তি বটলৰ লগতে চোৰাংচিকাৰ কাৰ্য্যত ব্যৱহৃত আপত্তিজনক সামগ্ৰীও জব্দ কৰে।
উল্লেখ্য যে-কিছুদিন ধৰি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত এটা চোৰাংচিকাৰীৰ চক্ৰ পুনৰ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে । তাৰ প্ৰতি লক্ষ্য ৰাখি চিৰাং আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।কাৰন জানুৱাৰী মাহৰ শেষৰ পিনে জিলাখনত বন্যহস্তীৰ ভৰিৰ নখ সহ তিনিজন চোৰাংচিকাৰীক চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us