চিৰাঙৰ কাজলগাঁৱত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন

চিৰাঙৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাংঃ  আজি  ৭৭ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ কাজলগাঁৱতো দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । চিৰাঙৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । 

WhatsApp Image 2026-01-26 at 10.17.01 AM (1)

পতাকা উত্তোলন কৰাৰ পূৰ্বে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে গণৰাজ্য দিৱসৰ মুখ্য অতিথি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, চিদলী বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু জিলা আয়ুক্ত যতীন বৰাই। গণৰাজ্য দিৱস উপলক্ষ্যে এচএচবি, অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, এনচিচি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা সামৰিক কুজাৱাজৰ অভিবাদন গ্ৰহণ কৰে গণৰাজ্য দিৱসৰ মুখ্য অতিথি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। 

WhatsApp Image 2026-01-26 at 10.17.01 AM

উল্লেখ্য যে, আজিৰ পেৰেডত বিভিন্ন বিভাগৰ প্ৰতীকি দৃশ্যপট প্ৰদৰ্শন কৰা হয় । তদুপৰি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলে সাংস্কৃতিক লোকনৃত্যৰ উপৰি দেশপ্ৰেমমূলক নৃত্য-গীত প্রদর্শন কৰি গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থকা আমন্ত্ৰিত অতিথি আৰু দৰ্শক সকলৰ মনজয় কৰে। ইপিনে গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত সমাজৰ হকে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা ব্যক্তি আৰু অনুষ্ঠানক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে আমন্ত্ৰিত অতিথি সকলে ।

চিৰাং