চিৰাঙৰ কাজলগাঁৱৰ ছাতিপুৰত অনুষ্ঠিত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ বাৰ্ষিক অধিৱেশন

ধৰ্মীয় সংখ্যালঘু পৰিষদৰ মুকলি সভাত অংশগ্ৰহণ কৰি বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই মন্তব্য আগবঢোৱা পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাংঃ  চিৰাঙৰ কাজলগাঁৱৰ ছাতিপুৰৰ ইউনাইটেড ক্লাৱ চৌহদত দিনজোৰা কাৰ্যসূচীৰে ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । পুৱা পতাকা উত্তোলন কৰি অধিবেশনৰ কাৰ্যসূচী আৰম্ভ কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুছ ছাত্তাৰ আহমেদে। 

শ্বহিদ তৰ্পণ কৰে আৰ এম চিৰ প্ৰাক্তন সভাপতি আলহাজ গুলজাৰ হুছেইন মোল্লা আৰু সহযোগ কৰে আৰএম চিৰ সাধাৰণ সম্পাদক জামিৰ উদ্দিন আৰু অধিবক্তা ফাজলুল হকে। ইপিনে গছপুলি ৰোপণ কৰে আৰ এম চিৰ চিৰাং জিলা সমিতিৰ সভাপতি,সাধাৰণ সম্পাদক ক্ৰমে ৰুহুল আজিজ আকন্দ আৰু জহিদুল ইছলামে। দুপৰীয়া আৰ এম চিৰ সভাপতি আব্দুছ ছাত্তাৰ আহমেদৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। 

WhatsApp Image 2026-01-11 at 8.13.18 PM

মুকলি সভাৰ উদ্বোধনী ভাষণ আগবঢ়ায় আৰ এম চিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বক্তাৰ আলী আহমেদে। ধৰ্মীয় সংখ্যালঘু পৰিষদৰ মুকলি সভাত অংশগ্ৰহণ কৰি বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই মন্তব্য আগবঢোৱা পৰিলক্ষিত হয়। তেওঁ কয় যে- শনিবাৰে কোকৰাঝাৰত যি ঘটনা সংঘটিত হৈ গ'ল তাক নিন্দা জনাইছোঁ। আমি শান্তিৰ বিটিচিত কোনো ধৰনৰ অশান্তি নিবিচাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজ কৰি থাকক আমি তাকেই বিচাৰোঁ । কিন্তু বিটিচত কাৰো দাদাগিৰি নচলিব। 

মুকলি সভাত উপস্থিত থকা অতিথি সকলে ধৰ্মীয় সংখ্যালঘু সমাজত গুণগত আধুনিক শিক্ষা গ্ৰহণ, বাল্য বিবাহ, সমাজত প্ৰচলিত কুসংস্কাৰ, অন্ধবিশ্বাস সমাজৰ পৰা দুৰ কৰা ইয়াৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে । অনুষ্ঠানত বিটিচিৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, ইউ এচ টি এমৰ ৰ সহকাৰী প্ৰৱক্তা আব্দুল ৱাহদুদ শেখ, আৰ এম চিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা বক্তাৰ আলীসহ বহু গণ্য মান্য লোকসকল উপস্থিত থাকে।

WhatsApp Image 2026-01-11 at 8.13.19 PM

চিৰাং