/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/76453348-5aeb-4a80-9ec8-a95256fa618a.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বটদ্ৰৱাটো দেওবাৰে শিশু দিৱস উদযাপন কৰা হয়। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত, বটদ্ৰৱা সাংবাদিক সন্থাৰ সহযোগত ভিন্ন কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। তদুপলক্ষে পুৱা জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে শিক্ষক, শিল্পী ৰাজীৱ মহন্তই আৰু গছপুলি ৰোপণ কৰে বহুমুখী গ্ৰাম বিকাশ পৰিষদৰ সভাপতি শ্বহিদুল ইছলাম মোল্লা, শিল্পী বিপুল কুমাৰ বৰাই।
পাছত বটদ্ৰৱাৰ সৰুহিছা, বৰহিছা, ভোমোৰাগুৰি, ভেটিয়নী, কুজিসত্ৰ, কটহগুৰি, কদমনি, ৰামপুৰ সত্ৰ, ধূপগুৰি আদি বিভিন্ন গাঁৱৰ ৭০ গৰাকী কনকন শিশুৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। কনকন শিশুৰ গীত-মাত-কথাৰ সমাহাৰেৰে অনুষ্ঠিত বটদ্ৰৱাৰ শিশু দিৱসৰ কাৰ্যসূচীত বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামী, উপসভাপতি কন্দৰ্প কুমাৰ কলিতা, সম্পাদক মাজিদুল ইছলাম, কোষাধ্যক্ষ দিব্যজ্যোতি বৰুৱা, মোস্তাফা ছালিম আহমেদ, নজৰুল ইছলাম, আবুল হুছেইন, ইজাজুল হক, ইমামুল ইছলাম, জগন্নাথ কলিতা, জুৱেল উদ্দিন, নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰ কে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।