চিৰাঙত দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণ: গুৰুতৰভাৱে আহত যুৱক

 দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত গুৰুতৰ ভাবে আহত যুৱকজনক গৰুভাষাৰ নাগদৰবাৰীৰ বাসিন্দা বেঞ্জামিন কিস্কুৰ পুতেক ছাইমন কিস্কু (২৩) বুলি চিনাক্ত কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাংঃ  নতুন বছৰৰ আগমনৰ প্ৰাকক্ষণত আজি চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত খবৰ অনুসৰি সন্ধিয়া ৭ বজাত গৰুভাষাৰ নাগদৰবাৰীত মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই অতৰ্কিত ভাবে এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

 দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত গুৰুতৰ ভাবে আহত যুৱকজনক গৰুভাষাৰ নাগদৰবাৰীৰ বাসিন্দা বেঞ্জামিন কিস্কুৰ পুতেক ছাইমন কিস্কু (২৩) বুলি চিনাক্ত কৰা হয়। ইপিনে আক্ৰমণ কৰিয়েই দুই দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা মটৰচাইকেল লৈ পলায়ন কৰে। পিছত স্থানীয় লোকে গুৰুতৰ ভাবে আহত তথা ৰক্তাক্ত অবস্থাত ছাইমন কিস্কুক উদ্ধাৰ কৰি জৰুৰীকালীন এম্বুলেন্স যোগে কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

এই আক্ৰমণৰ খবৰ লাভ কৰি চিকিৎসালয়ত আহি উপস্থিত হৈ আহত যুৱক ছাইমন কিস্কুৰ স্বাস্থ্যৰ খবৰ লয় চিৰাঙৰ আৰক্ষী অধীক্ষক উৎপল বৰা। পিছত আহত ছাইমন কিস্কুক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইপিনে আদিবাসী যুৱকৰ আক্ৰমণৰ ঘটনাক কেন্দ্ৰ গৰুভাষাৰ নাগদৰবাৰী গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় উত্তেজিত লোকে আদিবাসী যুৱকক হত্যা কৰাৰ  উদ্দেশ্যে আক্ৰমণ কৰা দুৰ্বৃত্ত সকলক আটক কৰাৰ দাবীত  ভাৰত-ভুটান সংযোগী পথ অৱৰোধ কৰি দিয়ে ফলত কিছুসময়ৰ বাবে উক্ত পথছোৱাৰ যাতায়াত বন্ধ হৈ পৰে।

পিছত জিলা আৰক্ষী অধীক্ষক উৎপল বৰা সহ আৰক্ষীৰ এটা ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজৰ সৈতে আলোচনা কৰি কমসময়ৰ ভিতৰত আক্ৰমণকাৰী দুৰ্বৃত্তক আটক কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত পৰিস্থিতি শাম কাটে। কিন্তু আজিৰ এই চোকা অস্ৰৰে আক্ৰমণ কৰা ঘটনাৰ আৰঁত কোনো জড়িত সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও চিৰাং আৰক্ষীয়ে উক্ত আক্ৰমণকাৰীৰ অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি পৰিবেশন কৰালৈকে ঘটনাৰ সৈতে জড়িত কোনোলোকক আটক কৰা নাই।

 আজি গৰুভাষাৰ নাগদৰবাৰীৰ আদিবাসী যুৱকক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উপ সভাপতি দুৰ্গা চোৰেনে কয় যে বিটিচি এলেকাৰ শান্তি সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট কৰাৰ উদ্দেশ্যেই এই আক্ৰমণ কৰা হৈছে।

এনেধৰনৰ ঘটনা যাতে আগলৈ সংঘটিত হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চিৰাং জিলা প্ৰশাসনে ২৪ ঘন্টাৰ ভিতৰত অপৰাধ দুজনক চিনাক্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰে । অন্যথা ইয়াৰ বিৰুদ্ধে সদৌ চাওঁতাল ছাত্ৰ সন্থাই গণতান্ত্ৰিক ভাবে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

চিৰাং