ইউপিপিএল-বিপিএফৰ মিত্ৰতাক লৈ তৎপৰতা অব্যাহত আছে: দ্বীপেন বড়ো

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কাজলগাঁও স্থিত জিলা এবছুৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত উপস্থিত থাকে বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় দলসংগঠনৰ নেতৃত্ববৰ্গ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাং: কাজলগাঁৱত বিটিআৰৰ ৩০ টাকৈ জাতীয় সংগঠনৰ যৌথ মঞ্চ কো-অৰ্ডিনেচন কমিটি ফৰ বিটিআৰ অৰ্গেনাইজেশ্যনৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কাজলগাঁও স্থিত জিলা এবছুৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত উপস্থিত থাকে বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় দলসংগঠনৰ নেতৃত্ববৰ্গ।

সভাৰ অন্তত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োয়ে কয় যে বিটিআৰ গঠন হোৱাৰ পিছতেই বিটিআৰ এলেকাত শান্তি, সম্প্ৰতি, উন্নতিৰ কথা চিন্তা কৰি বিটিআৰৰ ২৬ টাকৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৩০ টা জাতীয় সংগঠনক লৈ এবছুৰ মুখ্য পৃষ্ঠপোষকতাত এই উমৈহতীয়া মঞ্চ কো-অৰ্ডিনেচন কমিটি ফৰ বিটিআৰ অৰ্গেনাইজেশ্যন চমুকৈ চিচি বিটিআৰ গঠন কৰা হৈছিল।

এই মঞ্চৰ উদ্দেশ্য আছিল বিটিআৰত শান্তি সম্প্ৰীতিৰে বসবাস কৰাৰ উপৰি জাতীয় সংগঠন সমূহে নিজৰ নিজৰ জাতি-জনগোষ্ঠীৰ সমস্যা সমূহ চৰকাৰৰ আগত উত্থাপন কৰি সেই সমস্যা সমূহ ঐক্যবদ্ধ ভাবে হেঁচা প্ৰয়োগ কৰি সমাধান কৰা।

তেওঁ লগতে কয় যে আগন্তুক বিটিচি নিৰ্বাচনৰ গইনা লৈ যাতে আমাৰ সমাজত কোনোধৰনৰ শান্তি বিঘ্নিত নহয় তাৰ প্ৰতি আমি সকলোৱে সজাগ হৈ থাকিব লাগিব। মূলতঃ এই বিষয়টোৰ ওপৰত গুৰুত্বাৰোপ কৰিয়ে আজি কো-অৰ্ডিনেচন কমিটি ফৰ বিটিআৰ অৰ্গেনাইজেশ্যনৰ সকলো জাতীয় সংগঠনৰ নেতৃত্ব সকলে আলোচনাত মিলিত হৈছো।

আজিৰ এই সভাত সকলো জাতীয় সংগঠনৰ নেতৃত্বই নিজৰ নিজৰ মতামত ব্যক্ত কৰে। ইয়াত বিটিআৰৰ ভৱিষ্যত উন্নতি আৰু শান্তি সম্প্ৰীতিৰ স্বাৰ্থত সকলো আঞ্চলিক শক্তি একত্ৰিত ভাৱে কাম কৰি যোৱাত সকলো সংগঠনৰ নেতৃত্বই মত পোষন কৰে বুলি দ্বীপেন বড়োয়ে উল্লেখ কৰে।

দ্বীপেন বড়োয়ে ইউপিপিএল আৰু বিপিএফ দলৰ মিত্ৰতা সন্দৰ্ভত কয় যে যোৱা ২০২৪ চনতে বিপিএফ-ইউপিপিএলৰ মিত্ৰতাৰ বিষয়ে আলোচনা কৰিছিলো আৰু এই ক্ষেত্ৰত প্ৰথমেই হাগ্ৰামা মহিলাৰীয়ে কৈছিল। তাৰ পিছতে কেইবালানি আলোচনাও হৈছে।

হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সন্মতিক্ৰমে এই আলোচনা হৈছিল। কিন্ত মাজতে চিদলী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক বিভিন্ন সংঘাত পূৰ্ণ কথা বতৰাই সকলো প্ৰচেষ্টা স্থবিৰ হৈ গৈছিল। আজি পুনৰ ১৬ টা বড়ো জাতীয় সংগঠনে কোকৰাঝাৰ চহৰত একত্ৰিত হৈ অহা ১২ তাৰিখৰ সময়সীমা দি প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীক চিঠি প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে প্ৰমোদ বড়োই ১০ তাৰিখে বহাৰ সন্মতি প্ৰকাশ কৰি সময় পৰ্যন্ত  তেখেতে দিছে কিন্ত হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ প্ৰচাৰ সম্পাদক ৰজনী বৰঝৰীয়ে চিঠিৰে মিত্ৰতা সন্দৰ্ভত আলোচনা কৰাৰ বাবে কিছু চৰ্ত আৰোপ কৰিছে যিবোৰ কথা সংবাদ মাধ্যমৰ আগত নকও বুলি মন্তব্য কৰে দ্বীপেন বড়োয়ে। তাৰ পিছতো আমি আলোচনাত বহিবলৈ আকৌ চিঠি প্ৰেৰণ কৰিছো বুলি জনায় এবছুৰ সভাপতি দ্বীপেন বড়োয়ে ।

বিটিআৰ