/asomiyapratidin/media/media_files/2025/12/27/fdfdfdf-2025-12-27-22-01-46.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ শনিবাৰৰ পৰা চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙত কাষত ১২ দিনীয়াকৈ দৈজিং ফেষ্টিভেল স্থলীতে আৰম্ভ হৈছে আই ৰিভাৰ ফেষ্টিভেল। আজি আই ৰিভাৰ ফেষ্টিভেলৰ শুভাৰম্ভ কৰে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, কাৰ্য্যবাহী সদস্য ধীৰাজ বৰগয়াৰী, জিলা আয়ুক্ত যতীন বৰা সহ অন্যান্য আমন্ত্ৰিত অতিথি সকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-imag-2025-12-27-22-00-23.jpeg)
আই ৰিভাৰ ফেষ্টিভেল উদ্বোধন কৰি বিটিচিৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে, এইখন ঠাইতে বিগত পাঁচ বছৰ আগত ইয়াতে দৈজিং ফেষ্টিভেল অনুষ্ঠিত হৈছিল আৰু এই দৈজিং ফেষ্টিভেল আন্তৰ্জাতিক পৰ্যায়ত গৈ পাইছিল। কিন্তু বিগত পাঁচ বছৰ ধৰি এই আন্তৰ্জাতিক খ্যাতিসম্পন্ন দৈজিং ফেষ্টিভেল বন্ধ আছিল। কিয় বন্ধ আছিলে সেয়া গম পোৱা নাই। কিন্তু উৎসৱ পাৰ্বনক লৈ ৰাজনীতি কৰাটো কোনো ৰাজনৈতিক দলৰে শোভা নেপায়। এই বছৰ আমাৰ বিপিএফ দলে চৰকাৰ গঠন কৰাৰ পিছত সময়ৰ অভাৱত আমি ৰাইজৰ বহুকাঙ্খিত দৈজিং ফেষ্টিভেল অনুষ্ঠিত কৰিব পৰা নাই কিন্তু ২০২৬-২৭ বৰ্ষত এইখন ঠাইতে পূৰ্বৰ গৰিমা লৈ দৈজিং ফেষ্টিভেল অনুষ্ঠিত হব বুলি ঘোষণা কৰে। এই আই ৰিভাৰ ফেষ্টিভেল আমাৰ এই অঞ্চলৰ ৰাইজে মিলিজুলি আয়োজন কৰিছে। যদিও এই ফেষ্টিভেলত আমাৰ বিটিচি প্ৰশাসনৰ কোনো ভুমিকা নাই। কিন্তু ৰাইজ তথা শিশু সকলৰ মনোৰঞ্জন আৰু বনভোজৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই আই ৰিভাৰ ফেষ্টিভেলত সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ কামনা কৰো বুলি তেওঁ মন্তব্য কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-27-22-00-35.jpeg)
এই ফেষ্টিভেলত আধুনিক মিনা বজাৰ, মেলা, এক্সপো, হস্ত-তাঁত বস্ত্ৰ শিল্প বিপনীকে আদি থলুৱা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আৰু বিপনী থাকিব বুলি জনায় আয়োজক সমিতিয়ে। ইয়াত হাতী ছাফাৰী, ঘোৰা ছাফাৰী, হট এয়াৰ বেলুন থকাৰ উপৰি প্ৰতিনিশাই অনুষ্ঠিত হব থলুৱা শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us