আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপিক প্ৰতিহত কৰাৰ হুংকাৰ চাওঁতাল ছাত্ৰ সন্থাৰ

চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অন্যান্য ছাত্ৰ সংগঠনৰ সহযোগত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-20 at 6.50.31 PM




ডিজিটেল সংবাদ, চিৰাংঃ  উজনিৰ পৰা নামনি সৰ্বত্ৰে জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয়ে পৃথকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে । আজিৰ দিনটোত অসমত বসবাস কৰা চাওঁতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ৩৪২ নং অনুচ্ছেদ অনুসৰি অতিশীঘ্ৰেই জনজাতিকৰণ, চাওঁতাল সকলক ভূমিপাট্টা প্ৰদান কৰা,  চাওঁতাল সকলক চাওঁতাল জনগোষ্ঠী হিচাপে প্ৰমাণপত্ৰ প্ৰদান কৰা আৰু আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা অতিশীঘ্ৰেই কাৰ্য্যকৰী কৰাৰ দাবীত চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অন্যান্য ছাত্ৰ সংগঠনৰ সহযোগত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। 

উল্লেখ্য যে কেইবা সহস্ৰাধিক চাওঁতাল পুৰুষ মহিলা, যুৱক-যুৱতীৰ উপস্থিতিত সুন্দৰীৰ ৰাজহুৱা খেলপথাৰৰ পৰা এক বিশাল প্ৰতিবাদী সমদল উলিয়াই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথে দি যাত্ৰা কৰি চাওঁতাল সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, আমাক জনজাতিকৰণ কৰিবই লাগিব, চাওঁতাল সকলক ভূমিপট্টা প্ৰদান কৰক, চাওঁতাল সকলক চাওঁতাল হিচাপে প্ৰমাণপত্ৰ প্ৰদান কৰক,  আদিবাসী শান্তিচুক্তিৰ দফা সমূহ কাৰ্য্যকৰী কৰক আদি শ্লোগানেৰে প্ৰতিবাদী জনতাই আকাশ বতাহ কপাই তোলে।

তাৰোপৰি, প্ৰতিবাদী সমদল চিৰাং জিলা সদৰ কাজলগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ পিছত সদৌ চাওঁতাল ছাত্ৰ সন্থা ফালৰ পৰা জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰায় পাঁচ কিলোমিটাৰ পথ প্ৰতিবাদী সমদল কৰি যাত্ৰা কৰি পুনৰ আৰম্ভ কৰা সুন্দৰীৰ ৰাজহুৱা খেলপথাৰত আহি উপস্থিত হয় । খেলপথাৰত কেইবা সহস্ৰাধিক চাওঁতাল জনগোষ্ঠীয় লোকৰ উপস্থিতিত সুন্দৰীত বিশাল প্ৰতিবাদী গণ সমাৱেশ অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে গণ সমাৱেশত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰমে নিজৰ ভাষনত কয় যে যুগ যুগ ধৰি অসমত বসবাস চাওঁতাল জনগোষ্ঠীয় লোক সকলৰ সাংবিধানিক অধিকাৰ জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। সমগ্ৰ ভাৰতবৰ্ষত চাওঁতাল জনগোষ্ঠী জনজাতি হিচাপে স্বীকৃত অথচ অসমত অতিকৈ পিছপৰা জাতি হিচাপে চিহ্নিত চাওঁতাল জনগোষ্ঠীক জনজাতিকৰণৰ নামত বছৰৰ পিছত বছৰ ধৰি কেৱল প্ৰবঞ্চনা কৰি থকা হৈছে। জনজাতিকৰণৰ লগতে  ভূমিপট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত চাওঁতাল জনগোষ্ঠীৰ লোক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি অসম চৰকাৰ তথা বিজেপি দলক কঠোৰ সমালোচনা কৰে । 

আনফালে অহা ২৫ নৱেম্বৰ ভিতৰত চৰকাৰে জনজাতিকৰণ ক্ষেত্ৰত যদি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত চাওঁতাল জনগোষ্ঠীয় লোক সকলে বিজেপি দলক সমুচিত শিক্ষা দিয়া হুংকাৰ প্ৰদান কৰে। লক্ষ্যনীয় বিষয় যে আজি সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উদ্যোগত চাওঁতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উলিওৱা সমদল আৰু গণ সমাৱেশত সদৌ আদিবাসী ছাত্ৰ এছোচিয়েচনৰ নেতা কৰ্মী সকলকো যোগদান কৰা পৰিলক্ষিত হয় ।

চিৰাং