/asomiyapratidin/media/media_files/2025/11/03/ijjjff-2025-11-03-19-43-58.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ আজি চিৰাং জিলাৰ কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতে এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ ভিডিও প্ৰস্তুত কৰি পৰবৰ্তী সময়ত সেই ভিডিও সামাজিক মাধ্যমত ভাইৰাল কৰাৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰা দুই অভিযুক্তক প'কচ আইনৰ অধীনত দৃষ্টান্তমূলক শাস্তিৰ ৰায়দান কৰে ।
আজি কাজলগাঁও সত্ৰ ন্যায়াধীশ বিশেষ আদালতৰ বিচাৰপতি চি, চতুৰ্বেদীৰ আদালতে নাবালিকা এগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ ভিডিও প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰাল কৰাৰ অভিযোগত অভিযুক্ত ফিলিপ কাছোৱা (২২) আৰু ছিমন বেছেৰা (২০) ক প'কচ আইনৰ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে । আজিৰ এই ৰায়দানত দুয়ো অভিযুক্তক গাইপতি ২০ হেজাৰ টকাৰ জৰিমনা কৰে উক্ত জৰিমনা অনাদায়ে অতিৰিক্ত ১ বছৰকৈ কাৰাদণ্ড ভূগিব লাগিব বুলি ৰায়দানত উল্লেখ্য কৰে ।
বিগত ২০২৪ বৰ্ষৰ ২ আগষ্ট তাৰিখে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা থানাৰ অন্তৰ্গত আই পোৱালী এলেকাত এগৰাকী ১৬ বছৰীয়া নাবালিকাক ইমানুয়েল বেছৰা (২৩), ফিলিপ কাছোৱা (২২), ছিমন বেছেৰা সহ আৰু দুই নাবালকে জঙ্ঘল টানি লৈ দলবদ্ধ ধৰ্ষণ কৰি সেই দলবদ্ধ ধৰ্ষণৰ ভিডিও সামাজিক মাধ্যমত ভাইৰাল কৰিছিল।
পৰবৰ্তী সময়ত ভুক্তভোগী নাবালিকা জনীয়ে সমগ্ৰ ঘটনা মাতৃক সকলো বিৱৰি কোৱাৰ পিছত মাতৃয়ে ৰুণীখাতা থানাত ইমানুয়েল বেছৰা (২৩), ফিলিপ কাছোৱা (২২), ছিমন বেছেৰা সহ আৰু দুই নাবালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত ৰুণীখাতা থানাৰ চক্ৰ আৰক্ষী বিষয়া দেৱজিত শৰ্মা আৰু শান্তিপুৰ পুলিচ চকীৰ উপ পৰিদৰ্শক সত্যজিত ৰায়ে তদন্ত কৰি পাঁচ অভিযুক্ত গ্ৰেপ্তাৰ তিনিজনক জেললৈ প্ৰেৰণ কৰে আৰু নাবালক দুজনক জুভেনাইলত পঠিয়াই দিয়ে।
পৰবৰ্তী সময়ত ৰুণীখাতা থানাৰ আৰক্ষীয়ে তিনি অভিযুক্তৰ বিৰুদ্ধে কাজলগাঁৱত আদালতত অভিযোগনামা দাখিল কৰে।লক্ষ্যনীয় বিষয় যে এই দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ইমানুয়েল বেছৰা (২৩) জেলৰ পৰা জামিনত ওলাই আহি তিনিমাহ পিছত চিপজৰী লৈ আত্মহত্যা কৰে । যাৰ কাৰনে আজি কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতে প্ৰায় এবছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত তিনি গৰাকী অভিযুক্তৰ বিপৰীতে দুজন অভিযুক্তক প'কচ আইনৰ অধীনত দৃষ্টান্তমূলক শাস্তিৰ ৰায়দান দিয়ে। এক সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত ভুক্তভোগীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us