চিৰাঙৰ ভাৰত-ভূটান সীমান্ত এলেকাত প্ৰচণ্ড শিলা বৰষুণ…

চিৰাঙৰ ভাৰত-ভূটান সীমান্ত এলেকাত প্ৰচণ্ড শিলা বৰষুণ…

ডিজিটেল সংবাদ, চিৰাংঃ আজি বিয়লিৰ ভাগত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত প্ৰচণ্ড ধুমুহা আৰু শিলা বৰষুণ হয় । ফলত বৃহৎ এলেকা জুৰি মানুহৰ ঘৰ দুৱাৰৰ লগতে কৃষি পথাৰত বিস্তৰ ক্ষতি সাধন হোৱাৰ খবৰ আহিছে ।

বেংলত ৰাজহচক্ৰৰ অন্তৰ্গত টুক্ৰাঝাৰ, বালাঝাৰ, ২ নং শালবাৰী, শান্তিপুৰ, দেউশ্ৰী আদি কৰি বিভিন্ন গাঁৱত প্ৰচণ্ড ধুমুহাৰ লগতে শিলা বৰষুণৰ মাত্ৰা ইমানেই তীব্ৰ আছিল যে মানুহৰ ঘৰৰ টিনৰ মুধচ চালনিৰ দৰে হৈ পৰে । ফলত বহুলোকৰ ঘৰৰ ভিতৰত বৰষুণৰ পানী প্ৰৱেশ কৰি বহু মূল্যৱান বৈদ্যুতিন সা সামগ্ৰী বিনষ্ট হোৱাৰ কথা স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।

শিলা বৰষুণৰ ফলত ৰাস্তাঘাট, সেউজীয়া পথাৰৰ ৰং শুভ্ৰ হৈ পৰে আৰু দুই তিনি ঘন্টা পৰ্যন্ত এই শিল বৰষুণৰ টুকুৰা সিচৰিত হৈ আছিল । আজিৰ এই শিলা বৰষুণৰ ফলত কৃষিজীৱী ৰাইজে ক্ষতি সাধনৰ সন্মুখীন হয় । খেতি পথাৰৰ বিভিন্ন শাক পাচলি, স্ট্ৰ'বেৰী খেতিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ বাতৰি আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in