কাজলগাঁৱত চিৰাং জিলা বৈজ্ঞানিক উপদেষ্টা সমিতিৰ বছৰেকীয়া সভা অনুষ্ঠিত

চিৰাং জিলা সদৰ কাজলগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাগৃহত চিৰাং জিলা বৈজ্ঞানিক উপদেষ্টা সমিতিৰ বছৰেকীয়া সভা অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,চিৰাংঃ  চিৰাং জিলা সদৰ কাজলগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাগৃহত চিৰাং জিলা বৈজ্ঞানিক উপদেষ্টা সমিতিৰ বছৰেকীয়া সভা অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সম্প্ৰসাৰণ সঞ্চালক ড৹ মনোৰঞ্জন নেওগৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাৰ সভাৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়ায় কাজলগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিষয়া তথা চিৰাং জিলা বৈজ্ঞানিক উপদেষ্টা সমিতিৰ সদস্য সচিব ডঃ চন্দন ডেকাই। 

WhatsApp Image 2026-02-19 at 7.34.29 PM

আজিৰ বৈজ্ঞানিক উপদেষ্টা সমিতিৰ সভাত বিভাগীয় বাবে আমন্ত্ৰণ কৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ আটাৰি সংস্থাৰ প্ৰধান বিজ্ঞানী ডঃ ৰাজেশ কুমাৰ, গেৰুৱাস্থিত ধান গৱেষনা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ কাঞ্চন শইকীয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ কামেশ্বৰ দাস,পদ্মশ্ৰী বঁটা প্ৰাপক সৰ্বেশ্বৰ বসুমতাৰী।  ইপিনে আমন্ত্ৰিত সকলক কৃষি বিজ্ঞান কেন্দ্ৰ ফালৰ পৰা আৰ'নাইৰে আদৰণি জনোৱা হয়। 

সভাত ৰাজ্যৰ কেইবাগৰাকী কৃষি বিজ্ঞানী সকলৰ লগতে জিলাখনৰ কৃষি বিভাগ, পশুপালন বিভাগ ,মীন বিভাগৰ, ৰেচম বিভাগ, বিত্তীয় সংস্থা নাবাৰ্ড, ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা পৰিচালিত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ মুৰব্বী বিষয়া জিলা ডাইট ৰ অধ্যক্ষ, অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা দ্য এন্ট, আদৰ্শ খেতিয়ক আকবৰ আলী আহমেদ লগতে কেইবা গৰাকী উদ্যমী খেতিয়ক উপস্থিত থাকে। সভাত চিৰাং জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিষয়া ডঃ চন্দন ডেকাই বিগত ২০২৫-২৬ বৰ্ষত ৰূপায়ন কৰা কাৰ্য্যসূচীৰ খতিয়ান দাঙি ধৰে তাৰ পিছত উক্ত  কৰ্মসূচীৰ ওপৰত সভাত উপস্থিত বিজ্ঞানী সকলে পৰ্যালোচনা কৰে আৰু দিহা পৰামৰ্শ আগবঢ়ায়। তাৰ পাছত অহা ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে চিৰাং জিলা কৃষি বিজ্ঞান কেন্দ্ৰই কি কি নতুন পৰিকল্পনা, আঁচনি ৰূপায়ন কৰিব তাৰো এখন ৰূপৰেখা দাঙি ধৰি কৰ্মসূচী দাখিল কৰা কৰে। ভূমি বিজ্ঞানৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি বিভিন্ন নতুন নতুন ব্যৱস্থাৰে কেনেকৈ অধিক শস্য উৎপাদ কৰিব পৰা যায়, ভূমিৰ বিভিন্ন পৰীক্ষা নিৰিক্ষা কৰি কেনেকৈ উপযুক্ত ব্যৱস্থাৰে কৃষি কৰ্ম কৰিব পৰা যায় তাৰো দীৰ্ঘম্যাদি ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা কৰা হয় এই সভাত। 

WhatsApp Image 2026-02-19 at 7.34.29 PM (1)

উল্লেখ্য যে- সভাত পদ্মশ্ৰী বঁটাপ্ৰাপ্ত খেতিয়ক সৰ্বেশ্বৰ নাৰ্জাৰীয়ে চিৰাং জিলাৰ এলেকা ভিত্তিত কিছুমান কি কি শস্য বা উদ্যানৰ খেতি কৰি স্থানীয় খেতিয়ক সকলে আৰ্থিক দিশত স্বাৱলম্বী হব পাৰিব তাৰ ওপৰত এক সুন্দৰ পৰামৰ্শ আগবঢ়ায় । তদুপৰি চিৰাং জিলাৰ বিজনীৰ পানবাৰী এলেকাত উৎপাদিত থলুৱা হালধিৰ গুণাগুণ আৰু ইয়াৰ স্বকীয়তাৰ বৰ্ণণা দি বাণিজ্যিক দিশত ইয়াৰ সফলতাৰ সম্ভৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই থলুৱাৰ হালধিৰ জিঅ, টেগ কৰাৰ পৰামৰ্শ আগবঢ়ায়। সভাই এই পৰামৰ্শক কাৰ্য্যকৰী কৰিবলৈ বিভাগীয় ভাবে সকলো কাৰ্যপন্থা হাতত লোৱাৰ মত পোষণ কৰে ।জিলাখনৰ কৃষিক্ষেত্ৰ খনক অধিক কাৰ্যকৰী কৰিবলৈ সহযোগী বিভাগ হিচাপে কৃষি, ৰেচম, মীন, পশুপালন আদি কৰি অন্যান্য বিভাগ সমূহৰ পূৰ্ণ সহযোগৰ ওপৰত গুৰুত্বাৰোপ কৰা হয় আৰু এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়া সকলে সহমত প্ৰকাশ কৰে।

চিৰাং