/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-17-57-15.jpg)
ডিজিটেল ডেস্কঃ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বাসুগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোকৰাঝাৰ-চিৰাং জিলা শাখাৰ ৰূপালী জয়ন্তী বৰ্ষ উৎসৱৰ আৰম্ভণি হয়।চিৰাং জিলাৰ বাসুগাঁও চহৰৰ শংকৰদেৱ সংঘৰ জিলা নামঘৰৰ সমীপতে মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত পুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় ৰূপালী জয়ন্তী বৰ্ষ উৎসৱৰ অনুষ্ঠান। পুৱাৰ ভাগত বাসুগাঁও চহৰৰ কেইবাখনো শিক্ষানুষ্ঠানত অধ্যক্ষ সকলৰ উপস্থিতিত উদযাপন সমিতিয়ে গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ আৰম্ভ কৰা হয় । তাৰ পাছত ৰূপালী জয়ন্তী বৰ্ষৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰলৈ যোৱাৰ মুখ্য প্ৰৱেশদ্বাৰৰ মুকলি কৰে স্থানীয় সমাজকৰ্মী শম্ভু ৰাজবংশীৰ লগতে স্থানীয় বি টি চিৰ পাৰিষদ শুকুৰ সিং মুছাহাৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-17-55-50.jpeg)
চিৰাং-কোকৰাঝাৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ উৎসৱৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে প্ৰকাশ কৰি উলিওৱা “ভক্তি অঞ্জলী” নামৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে চিৰাং জিলা আয়ুক্ত যতীন বৰাই । উন্মোচন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে- শ্ৰীমন্ত শংকৰদেৱক বাদ দি অসমীয়া জাতি মহাশূন্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক চিন্তা-চেতনাৰে বৰ অসম গঢ়িব লাগিব। এইবুলি মন্তব্য প্ৰকাশ কৰে উন্মোচক চিৰাং জিলা আয়ুক্ত গৰাকীয়ে । ইয়াৰ প্ৰাকমুহূৰ্তত আদৰণি ভাষণ দাঙি ধৰে ধুবুৰী জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য হেমন্ত ভকতে।
তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিটোক কি দিয়া নাই বুলি উল্লেখ কৰি অসমীয়া, বাংলা, হিন্দী, উৰিয়া ইত্যাদি ভাষাৰ সংমিশ্ৰণত এক নতুন ভাষাৰ সৃষ্টি কৰি জাতিটোক আগুৱাই লৈ যোৱাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছিল বুলি কয় সভা উদ্বোধন কৰা হেমন্ত ভকত বাপে । “ব্যক্তিৰ আধ্যাত্মিক আৰু সামাজিক উত্তৰণত মহাপুৰুষীয়া পৰম্পৰাৰ প্ৰাসংগিকতা” শীৰ্ষক বিষয়-বস্তুৰ ওপৰত তত্বগধুৰ বক্তব্য দাঙি ধৰে মুখ্য আলোচক বিশ্বনাথ চাৰিআলি নিৱাসী ৰণ্টু শইকীয়াই । তেওঁ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি, ধৰ্মীয়-আধ্যাত্বিক দিশত পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱৰ নীতি-আৰ্দশৰ ওপৰত সাৱলীল বক্তব্য দাঙি ধৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-17-56-07.jpeg)
আজিৰ পৰা পাঁচশ বছৰ আগতে একশৰণ নামধৰ্ম প্ৰচাৰ কৰি বহুতো দিলে অসমীয়া জাতিটোক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে । শ্ৰীমন্ত শঙ্কৰদেৱৰ আধ্যাত্মিক আদৰ্শ মানি চলা হেতেন আজি সমাজখন বিপথে পৰিচালিত নহ’ল হেতেন । আজিৰ দিনত ছোৱালীৰো নিচামুক্তি কেন্দ্ৰ আছে ঠায়ে ঠায়ে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি কিমান ভয়ংকৰ অশনি সংকেত আমাৰ সমাজখনলৈ আহি আছে বুলি উদ্বেগ প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত এইদৰে গুৰুগম্ভীৰ বক্তব্য দাঙি ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আৰ্দশৰে পৰিচালিত হৈ সুস্থ সবল সমাজ গঢ়িবলৈ আহ্বান জনাই বক্তব্য দাঙি ধৰে মুখ্য আলোচক গৰাকীয়ে।
উল্লেখযোগ্য যে, অনুষ্ঠানটিত বিটিচিৰ পাৰিষদ শুকুৰসিং মুছাহাৰী, কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি তথা গৱেষক পণ্ডিত ড০ দ্বিজেন্দ্ৰ নাথ ভকত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সদস্য মধূসুদন কলিতা, আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়, সম্পাদক বলোৰাম বৰ্মন, সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰ, এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, চিৰাং জিলা আছুৰ সভাপতি নৱকান্ত বৰ্মন, সদৌ সূত্ৰধৰ যুৱছাত্ৰ সন্থাৰ উপদেষ্টা তথা শিক্ষক তথা প্ৰাণ সূত্ৰধৰ, সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক শুভ মজুমদাৰ ইত্যাদি অতিথি সকল । অনুষ্ঠানটিত কোকৰাঝাৰ-চিৰাং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই অহা পৰিয়াল বৰ্গক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-17-56-22.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us