চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত "আদি কৰ্মযোগী অভিযান তিনিদিনীয়া কৰ্মশালাৰ সামৰণি...

ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আচঁনিৰ সঠিক তথ্য দেশৰ দুৰ্গম তথা জনজাতি অধ্যুষিত এলেকাত ঢুকি নেপায়। যাৰ কাৰনে বহু সময়ত দেখা যায় যে জনজাতীয় লোক সকলে

author-image
Asomiya Pratidin
New Update
UJJJD

ডিজিটেল সংবাদ, চিৰাংঃ  ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আচঁনিৰ সঠিক তথ্য দেশৰ দুৰ্গম তথা জনজাতি অধ্যুষিত এলেকাত ঢুকি নেপায়। যাৰ কাৰনে বহু সময়ত দেখা যায় যে জনজাতীয় লোক সকলে চৰকাৰৰ জনকল্যাণমূলক আচঁনিৰ পৰা বঞ্চিত হব লগা হয় । তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবেলি ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰণালয় ফালৰ পৰা সমগ্ৰ দেশজুৰি আদি কৰ্মযোগী অভিযানৰ জৰিয়তে জনজাতি অধ্যুষিত গাঁও সমূহত সজাগতামূলক অভিযান চলাই জনজাতি লোকসকলৰ মাজত এটা জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে জিলাই জিলাই বিশেষ কাৰ্য্যসূচী হাতত লোৱা লৈছে ।

তাৰে লগত সঙ্গতি ৰাখি চিৰাং জিলা প্ৰশাসন ফালৰ যোৱা ৮ অক্টোবৰৰ পৰা ১০ অক্টোবৰ লৈকে কাজলগাঁৱৰ জিলা কেন্দ্ৰত আদি কৰ্মযোগী অভিযানৰ ওপৰত এটা তিনিদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। চিৰাং জিলা ভিত্তিত আয়োজিত এই "আদি কৰ্মযোগী অভিযান" কৰ্মশালাত ৰাজ্যিক পৰ্য্যায়ত প্ৰশিক্ষণপ্ৰাপ্ত পাঁচ গৰাকী প্ৰশিক্ষকে ব্লক পৰ্য্যায়ৰ ১৩ গৰাকী প্ৰাৰ্থীক মাষ্টাৰ প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়ায় । আগলৈ এই ১৩ গৰাকী প্ৰশিক্ষকে ব্লক পৰ্য্যায়ৰ অৰিয়েন্টেচন অনুষ্ঠান অনুষ্ঠিত কৰিব।

চিৰাং জিলাৰ অন্তৰ্গত মুঠ তিনিটা উন্নয়ন খণ্ড চিদলী-চিৰাং , বড়োবাজাৰ আৰু মানিকপুৰ (আংশিক) উন্নয়ন খণ্ডৰ ৪৫ টা ভিচিডিচিৰ ১১০ টা জনজাতি অধ্যুষিত গাঁও সামৰি এই আদি কৰ্মযোগী অভিযানৰ মাধ্যমেৰে সজাগতা সভা অনুষ্ঠিত কৰা হব। আজি এই আদি কৰ্মযোগী অভিযানৰ তিনিদিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ জিলা আয়ুক্ত যতীন বৰাই প্ৰশিক্ষক সকলৰ উদ্দেশ্যি কয় যে ভাৰত চৰকাৰে যি লক্ষ্যৰে এই আচঁনিৰ শুভাৰম্ভ কৰিছে সেই লক্ষ্যত উপনীত হব পৰাকৈ সবকে কাম কৰি যাবলৈ আহ্বান জনায়।

চিৰাং জিলাৰ যিসমূহ জনজাতি অধ্যুষিত ভিতৰুৱা গাঁও আছে সেই গাঁও সমূহৰ জনজাতি ৰাইজে কোনো কাৰণতে যাতে চৰকাৰৰ জনকল্যাণমূলক আচঁনিৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি যোৱাৰ পোষকতা কৰে। ইয়াৰ উপৰিও আয়ুক্ত গৰাকীয়ে কয় যে প্ৰতিখন ভিচিডিচিত একোটাকৈ আদি সেৱাকেন্দ্ৰ স্থাপন কৰা হব আৰু প্ৰতিটো বিভাগৰ পৰা একোজনকৈ বিষয়াৰ নিয়োগ কৰাৰ ব্যবস্থা কৰা হব বুলি সদৰি কৰে। তদুপৰি প্ৰতিখন জনজাতি অধ্যুষিত গাঁৱত আন্তঃগাঁঠনি উন্নয়নৰ কাৰণে ২০৩০ চনলৈকে গাঁও কাৰ্য্য পৰিকল্পনা (ভিলেজ একচন প্লেন) কৰা হব । আজিৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সহকাৰী আয়ুক্ত শ্যামাশ্ৰী শইকীয়া, আদি কৰ্মযোগী অভিযানৰ জিলা নডেল অফিচাৰ হৰেশ্বৰ বসুমতাৰী  উপস্থিত থাকে ।

ওৰাং