/asomiyapratidin/media/media_files/2026/03/07/nriiiidivshhh-2026-03-07-17-49-07.jpg)
ডিজিটেল সংবাদ, চিৰাং: ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। কিন্তু চিৰাং জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ সহযোগত জিলাখনৰ কাশিকোত্ৰাস্থিত বৈৰাথী প্ৰেক্ষাগৃহত এদিন আগতীয়াকৈ অৰ্থাৎ শনিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।
এইবেলি আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্তু হৈছে মহিলা আৰু ছোৱালীসকলৰ “অধিকাৰ, ন্যায় আৰু কাৰ্য্যকাৰীতা"। এই বিষয়বস্তুৰ ওপৰত মূলতঃ ভাষণ আগবঢ়াই চিৰাং জিলা আয়ুক্ত যতীন বৰা, কাজলগাঁও ইউ এন ব্ৰহ্ম কলেজৰ অধ্যক্ষা নীলপদ্মিনী ৰাভা, বাসুগাঁও কলেজৰ উপাধ্যক্ষা ভাস্বতী চৌধুৰী, চিৰাং জিলা আইন প্ৰাধিকৰণ বিষয়া ধনজিতা দাস আৰু চিৰাং জিলাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দেবনাথে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/07/whatsapp-image-2lkkjjj-2026-03-07-17-48-31.jpeg)
শনিবাৰে অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সঙ্গতি ৰাখি সমাজৰ ভিন্ন ভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা যুৱতী-কিশোৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ আন্তৰ্জাতিক নাৰীত দিৱসৰ কাৰ্য্যসূচীত ছুপাৰভাইজাৰ, অঙ্গনাবাদী কৰ্মীসকলে নৃত্য-গীত পৰিৱেশ কৰে। আজিৰ অনুষ্ঠান সঞ্চালনা কৰে শ্ৰাই শ্ৰাই ওৱাৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/07/whatsapp-image-2026jkhjkghjgjkhhghjjh-2026-03-07-17-48-49.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us