/asomiyapratidin/media/media_files/2026/01/07/587-2026-01-07-16-18-17.jpg)
ডিজিটেল সেৱা, চিদলী : চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজকল্যাণ বিভাগৰ সহযোগত বুধবাৰে কাজলগাঁৱত ভাৰত চৰকাৰৰ "বাল বিবাহ মুক্ত ভাৰত" ১০০ দিনীয়া অভিযানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত যতীন বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত "বাল বিবাহমুক্ত ভাৰত" ৰ ১০০ দিনীয়া সজাগতামূলক অভিযানৰ অংশীদাৰী বিভাগসমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
আজিৰ বৈঠকত জিলা আৰক্ষী অধীক্ষক ধ্ৰুৱ কুমাৰ বৰাৰ উপৰি অতিৰিক্ত আয়ুক্ত, জিলা গ্ৰামোন্নয়ন প্ৰকল্প বিষয়া, খণ্ড উন্নয়ন বিষয়া, জিলা শিশু কল্যাণ বিষয়া, ৰাজহচক্ৰ বিষয়া, বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে। আজিৰ বৈঠকত আলোচনাৰ মাধ্যমেৰে চিৰাং জিলাখনক সম্পূৰ্ণ ৰূপে বাল্যবিবাহ মুক্ত জিলা হিচাপে গঢ় দিবলৈ আগন্তুক ১০০ দিনীয়া সজাগতামূলক অভিযানৰ কাৰ্য্যপ্ৰণালী আৰু পৰিকল্পনা যুগুত কৰা হয়। লগতে এই অভিযানক সাফল্যমণ্ডিত কৰিবলৈ সকলো অংশীদাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলক আহ্বান জনোৱা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us