/asomiyapratidin/media/media_files/2026/01/28/whatsapp-image-2026-01-28-21-22-08.jpeg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা ৰেঞ্জৰ অন্তৰ্গত কৰাইবাৰী বনাঞ্চল এলেকাত এটা গুলীবিদ্ধ বনৰীয়াৰ হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ তথ্য আহি পোহৰলৈ আহে। সন্দেহ প্ৰকাশ কৰা হৈছে যে চোৰাং চিকাৰীৰ দলে বনৰীয়া হাতীটোক গুলীয়াই হত্যা কৰি পিছত যন্ত্ৰচালিত কৰতেৰে হাতীৰ দাঁত আৰু ভৰিৰ নখ কাটি লৈ গৈছে। কিন্তু বনবিভাগৰ লোকে মৃত বনৰীয়া হাতীটোক মৰণোত্তৰ পৰীক্ষা কৰি মাটিত পুতি ৰখাৰ বিপৰীতে বনাঞ্চলৰ ভিতৰত মুকলিকৈ পেলাই ৰাখিছে।
এই তথ্য লাভ কৰাৰ পিছত আজি উক্ত তথ্যৰ সত্য সত্যতা নিৰূপণ কৰিবলৈ কাজলগাঁৱৰ পৰা এটি সাংবাদিকৰ দল ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰী বনগাঁৱৰ সমীপৰ চিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ কৰাইবাৰী এলেকাত উপস্থিত হয়। স্থানীয় লোকৰ সহযোগত সাংবাদিকৰ দলটোয়ে বনৰীয়া হাতীক হত্যা কৰা স্থলীত উপস্থিত প্ৰত্যক্ষ কৰে যে সংৰক্ষিত বনাঞ্চলত অবাধ বনধ্বংস কাৰ্য্য এতিয়াও অব্যাহত আছে। কাৰণ যিখন ঠাইত বনৰীয়া হাতীৰ অৰ্দ্ধ গলিত মৃতদেহ পৰি আছে তাৰ ওচৰতে এডাল প্ৰকাণ্ড আকাৰৰ গছ কাটি যন্ত্ৰচালিত কৰতেৰে টুকুৰা টুকুৰ কৰি পেলাই থোৱা প্ৰত্যক্ষ কৰে।
স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, এই বনাঞ্চলৰ ভিতৰত যে বনৰীয়া হাতীক হত্যা কৰাৰ কথা ২৩ জানুৱাৰীৰ দিনা পোহৰলৈ আহে। সেইদিনা স্থানীয় লোকে জঙ্ঘলৰ ভিতৰৰ পৰা বতাহত দুৰ্গন্ধ ওলাই অহাৰ পিছত উৎস বিচাৰি যোৱাত এটা মতা বনৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। এই ঘটনা সন্দৰ্ভত ৰুণীখাতা বনাঞ্চলিক বিষয়া জচমানিক মুছাহাৰীক প্ৰশ্ন কৰাত তেখেতে কয় যে খবৰ লাভ কৰাৰ পিছতেই ৰুণীখাতাৰ পৰা বনবিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ দাঁত আৰু নখ কাটি লৈ যোৱা নিশ্চিত কৰে। পিছলৈ বিভাগীয় পশু চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰে।
ইফালে, প্ৰাথমিক অনুসন্ধানত যিহেতু গুলীৰ আঘাতত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে সেয়ে বনৰীয়া হাতীটোৰ প্ৰকৃত মৃত্যুৰ কাৰণ উদ্ঘাটন কৰিবলৈ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি বনৰীয়া হাতীটোৰ মৃতদেহ প্ৰাকৃতিক ভাবে পচন হবলৈ দিয়া হৈছে বুলি জানিবলৈ দিয়া হৈছে। কিন্তু বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৰ বিষয়টো বনবিভাগে সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে।
আনহাতে, এই অভিযোগত উত্তৰত বনবিভাগৰ ফালৰ পৰা কোৱা হয় যে, আমি খবৰ পোৱাৰ পিছৰে পৰা অনুসন্ধান চলাই আছো। সোধপোছৰ বাবে আমি চাৰিজন লোকক আটক কৰা হৈছিল যদিও পিছলৈ তেওঁলোক যাবলৈ দিয়া হৈছে। বনবিভাগৰ পৰা ৰুণীখাতা আৰক্ষী থানাত এখনি গোচৰ ৰুজু কৰা হৈছে। ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰে এই বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাক গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰা হৈছে আশা কৰো কম সময়ৰ ভিতৰতে এই ঘটনাৰ সৈতে জড়িত অপৰাধী চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব।
উল্লেখ্য যে, ৰুণীখাতা ৰেঞ্জৰ বনাঞ্চলক চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছত এলেকাটোত কেইবাটাও বনৰীয়া হাতীক বিহ মিহলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাৰ সৈতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us