চিৰাঙত আইচক্ৰীম বিক্ৰেতাৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী...

আজি এক বিশেষ সূত্ৰৰ পম খেদি কাজলগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই আইচক্ৰীম বিক্ৰেতা হিচাপে পৰিচিত ৰিংকু প্ৰসাদৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আইচক্ৰীম বিক্ৰেতাৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী

ডিজিটেল সংবাদ, চিৰাং:  কাজলগাঁও থানাৰ অন্তৰ্গত হাস্ৰাওবাৰীত আইচক্ৰীম বিক্ৰেতাৰ ৰূপত নিচাযুক্ত সামগ্ৰী ব্যৱসায়ী। আজি কাজলগাঁও থানাৰ আৰক্ষীৰ অভিযানত এই তথ্য পোহৰলৈ আহে। আজি এক বিশেষ সূত্ৰৰ পম খেদি কাজলগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই আইচক্ৰীম বিক্ৰেতা হিচাপে পৰিচিত ৰিংকু প্ৰসাদৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰে।

Advertisment

হাস্ৰাওবাৰী গাঁৱত ভাৰাতীয়া হিচাপে থকা ৰিংকু প্ৰসাদৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে প্ৰথমে তিনিটা নিচাযুক্ত সামগ্ৰী ভৰ্তি প্লাষ্টিকৰ কন্টেনাৰ উদ্ধাৰ কৰে। কিন্তু আৰক্ষীৰ লগত থকা তথ্য অনুসৰি ৰিংকু প্ৰসাদৰ লগত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী মজুত ৰখাৰ খবৰ আছিল।

পিছত আৰক্ষীয়ে অধিক সোধপোছ কৰাত ৰিংকু প্ৰসাদৰ ভাৰা ঘৰৰ শৌচাগাৰৰ কাষত মাটিৰ তলত লুকাই ৰখা অৱস্থাত আৰু ৯৩ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেনাৰ আৰু খালি ৭৫ টা খালি কন্টেনাৰ জব্দ কৰে।চিৰাং জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত উদ্ধাৰ কৰা নিষিদ্ধ ড্ৰাগছৰ পৰিমাণ ১১০ গ্ৰাম বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে সদৰি কৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰিংকু প্ৰসাদৰ ঘৰ বঙাইগাঁও চহৰৰ কচাই পট্টীত। দেৰ বছৰ আগৰ পৰা হাস্ৰাওবাৰীৰ উক্ত ঘৰত ভাৰতীয়া হিচাপে থাকি আইচক্ৰীম বিক্ৰী কৰিছিল।কিন্তু আইচক্ৰীম বিক্ৰীৰ আৰত ৰিংকু প্ৰসাদে যে যুৱ সমাজক ধ্বংসৰ গৰাহত ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কৰিছিল সেয়া হাস্ৰাওবাৰী এলেকাৰ ৰাইজে গম পোৱা নাছিল।

নিশা হ'লেই বিভিন্ন ঠাইৰ পৰা মটৰ চাইকেল লৈ অচিনাকী যুৱকৰ আগমন ঘটা স্থানীয় লক্ষ্য কৰি আছিল। আইচক্ৰীম বিক্ৰী কৰাৰ ছলেৰে হাস্ৰাওবাৰী গাঁৱত আশ্ৰয় গ্ৰহণ কৰি নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই থকা বিষয়টো আজি পোহৰলৈ অহাৰ পিছত স্থানীয় লোক ক্ষোভিত হৈ পৰে। ৰিংকু প্ৰসাদক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে ৰিংকু প্ৰসাদ দীৰ্ঘদিনৰ দিনৰ পৰা নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ীৰ সৈতে জড়িত আছে। 

চিৰাং