/asomiyapratidin/media/media_files/2026/01/11/yreewewewqew2-2026-01-11-08-20-28.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰি পথাৰত বড়ো সাহিত্য সভাৰ ৬৫ তম অধিৱেশনত সভাৰ প্ৰাক্তন সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ সভাপতিত্বত ২০২৬-২৮ বৰ্ষৰ বাবে নতুন সমিতি গঠনৰ এক প্ৰতিনিধি সভা অনুষ্ঠিত হয়। এই প্ৰতিনিধি সভাত বড়ো সাহিত্য সভাৰ সভাপতিৰ বাবে কোকৰাঝাৰৰ গোপীনাথ বৰগয়াৰী আৰু শালবাৰীৰ চিতাৰাম বসুমতাৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায় ।
উপ সভাপতিৰ দুই আসনৰ বাবে ড০ প্ৰেমান্দ মোছাহাৰী, প্ৰশান্ত বড়ো, বিনয় কুমাৰ নাৰ্জাৰী আৰু কমলাকান্ত মোছাহাৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায়। আনহাতে, উপ-সভানেত্ৰীৰ সংৰক্ষিত এটা আসনৰ বাবে নিলিমা বসুমতাৰীৰ নাম প্ৰস্তাৱ আগবঢ়োৱা হয়। একেদৰে সাধাৰণ সম্পাদক হিচাপে নীলকান্ত গয়াৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায়। সম্পাদকৰ চাৰিটা আসনৰ বাবে অম্বিকা হাজোৱাৰী, হৰেশ্বৰ নাৰ্জাৰী, জোংছাৰ নাৰ্জাৰী, দিলীপ বসুমতাৰী, প্ৰণৱ জ্যোতি নাৰ্জাৰী, ছহেন্দ্ৰ নাথ বসুমতাৰী, ৰাজেন বসুমতাৰী আৰু হৰিমল দৈমাৰীৰ নাম প্ৰস্তাৱ আগবঢ়োৱা হয়। সম্পাদকৰ এটা আসনৰ বাবে ছোৰজিলা ওৱাৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায়।ইফালে, কোষাধ্যক্ষৰ এটা আসনৰ বাবে লোহিত চন্দ্ৰ ব্ৰহ্ম আৰু সতীশ ব্ৰহ্মৰ নাম প্ৰস্তাৱ আগবঢ়ায়।
বড়ো সাহিত্য সভাৰ সভাপতি এটা আসনত দুজন ব্যক্তি, উপ সভাপতিৰ দুটা আসনৰ বাবে চাৰিজন ব্যক্তি, সম্পাদকৰ চাৰিটা আসনৰ বাবে আঠজন ব্যক্তি আৰু কোষাধ্যক্ষৰ এটা আসনৰ বাবে দুজন ব্যক্তিৰ নাম প্ৰস্তাৱ আগবঢ়াৰ বাবে সভাপতিয়ে নিৰ্বাচনৰ জৰিয়তে নতুন সমিতিখন গঠন কৰিবলৈ যো-যা কৰি থকাৰ সময়তে কোনো অচিনাকি ব্যক্তিৰ এটি দলে প্ৰতিনিধি সভাস্থলীত আহি মাইক্ৰফোন কাঢ়ি ভাঙি গণ্ডগোল কৰে । লগে লগে প্ৰতিনিধি সভাস্থলীত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় । ফলত বড়ো সাহিত্য সভাৰ নতুন সমিতি গঠনত অমীমাংসিত হয়।
বাতৰি লিখালৈকে নতুন সমিতিখন কেতিয়ালৈকে গঠন কৰা হব ইয়াৰ কোনো খবৰ পোৱা হোৱা নাই। উল্লেখ্য যে, ২০০৯ চনৰ গোসাঁইগাঁৱত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ নতুন সমিতি গঠনৰ ক্ষেত্ৰতো বন্দুকৰ গুলি ফুটাই সেই দিনাখনতো নতুন সমিতি গঠনত অমীমাংসিত হৈছিল। ফলত এক মাহৰ পাছত ওদালগুৰিৰ ৰৌতাত অনুষ্ঠিত এক বিশেষ প্ৰতিনিধি সভাৰ জৰিয়তে বড়ো সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us