/asomiyapratidin/media/media_files/2026/01/09/ujshgayugahja-2026-01-09-17-05-57.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বিজনীৰ বৰলাউগাঁৱৰ দেংফাখ্ৰী পথাৰত উখল মাখল পৰিৱেশ। এই বৰলাউগাঁৱৰ দেংফাখ্ৰী পথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ শুভাৰম্ভ হল বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিবেশন।
বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ প্ৰথম কাৰ্য্যসূচী হিচাপে মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ উদ্বোধন কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে। উদ্বোধনী কাৰ্য্যসূচীত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া সকলৰ উপৰি সাহিত্য প্ৰেমী ৰাইজ উপস্থিত থাকে। পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ মুকলি কৰে চিৰাঙৰ আয়ুক্ত যতীন বৰাই। ইয়াৰ পিছতে ক্ৰয় লক্ষেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য ষ্টেজ , জয় কুমাৰ ব্ৰহ্ম সোঁৱৰণী প্ৰতিনিধি হল , মোহিনী বসুমতাৰী সোঁৱৰণী প্ৰদৰ্শনী মুকলি কৰা হয়।
ইয়াৰ পিছতে বড়ো সাহিত্য সভা অধিবেশনৰ মূল মঞ্চত অনুষ্ঠিত হয় কবি সন্মিলন, যি কবি সন্মিলনত কণিষ্ঠ, প্ৰৱীণ সাহিত্যিক সকলে অংশগ্ৰহণ কৰে । তাৰ পিছতেই "সপোনৰ পৰা গন্তব্যস্থানলৈ : প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।
উল্লেখ্য যে, প্ৰায় চাৰি কোটি টকা বাজেটত অনুষ্ঠিত এই কেন্দ্ৰীয় অধিৱেশনত প্ৰদৰ্শনীস্থলীত বিভিন্ন ভাষাৰ কিতাপৰ দোকানসহ প্ৰায় ৫০০ ষ্ট'লৰ লগতে জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ উপৰি হস্ততাঁত বস্ত্ৰৰ বিক্ৰীৰ ব্যবস্থা কৰা হৈছে। ইয়াৰ উপৰিও অধিৱেশনস্থলীত বড়ো জনগোষ্ঠীৰ সাহিত্য, ধৰ্মীয় ৰীতি-নীতি কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ লগতে বাণিজ্য মেলা অনুষ্ঠিত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/09/whatsapp-image-2026-01-09-17-04-11.jpeg)
ইফালে, বড়ো সাহিত্য সভাৰ এই কেন্দ্ৰীয় অধিবেশনত দেশৰ বিভিন্ন ৰাজ্যৰ উপৰি নেপাল, জাপান, বাংলাদেশৰ পৰাও সাহিত্য প্ৰেমী তথা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই অধিৱেশন উপলক্ষে ১১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
লক্ষ্যনীয় বিষয় যে, বিজনীৰ বৰলাউগাঁওৰ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনস্থলীত দুৰ্বল ইন্টাৰনেট সেৱাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ কাৰণে বিশেষকৈ সংবাদ মাধ্যমৰ লোকসকলে বাতৰি পৰিবেশন কৰাৰ ক্ষেত্ৰত বৰকৈ জ্বলাকলা খাব লগা হৈছে। বিশেষকৈ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকলে বাতৰি সংগ্ৰহ কৰি পাঁচ কিলোমিটাৰ নিলগত গৈ বাতৰি পঠিয়াব লগাত পৰিছে। ডিজিটেল যুগতো বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনস্থলীত এনেদৰে দুৰ্বল ইন্টাৰনেট সেৱা উন্নত কৰিবলৈ অভ্যৰ্থনা সমিতি তথা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us