/asomiyapratidin/media/media_files/2026/01/27/ytdsyuseuidhasi-2026-01-27-18-00-20.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ আজি বড়ো জনগোষ্ঠীয় লোক সকলৰ পবিত্ৰ বাথৌ ছান। প্ৰচলিত নিয়ম অনুসৰি মাঘ মাহৰ দ্বিতীয়টো মঙ্গলবাৰৰ দিনটোক বাথৌ ধৰ্ম অনুসৰণকাৰী বড়ো জনগোষ্ঠীয় লোক সকলে গৌথাৰ বাথৌ ছান অৰ্থাৎ পবিত্ৰ বাথৌ দিৱস হিচাপে উদযাপন কৰি আহিছে।
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাৰ আশ্ৰাবাৰী স্থিত ৰুণীখাতা আঞ্চলিক বাথৌ থানশালীত বিগত ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈকে চাৰিদিন ব্যাপী বিভিন্ন ধৰ্মীয় আচাৰ নীতিৰ মাজেৰে ৩৬ সংখ্যক পবিত্ৰ বাথৌ ছান উদযাপন কৰিছে। অন্যান্য বছৰৰ দৰে এইবেলিও চাৰিদিনীয়া অনুষ্ঠানৰ অন্তিম দিনত বৃহত্তৰ ৰুণীখাতা অঞ্চলৰ ৪২ খন গাঁৱৰ বড়ো ৰাইজে একত্ৰিত হৈ ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-01-27-18-00-57.jpeg)
তাৰ পিছত বড়ো সকলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ খাম, ছিফুং আৰু তাল বজাই সমূহীয়া বাথৌ আৰজ' অৰ্থাৎ বাথৌ প্ৰাৰ্থনাৰ জৰিয়তে সমৃদ্ধিশালী পৰিয়াল, সমাজ তথা দেশ শান্তি সম্প্ৰীতি বজাই ৰখাৰ কামনা কৰে। লগতে, আজি বাথৌ পূজাৰ সৈতে সংগতি ৰাখি প্ৰচলিত নিয়ম ভঙ্গ কৰি পবিত্ৰ খেৰাই পূজা অনুষ্ঠিত কৰা দেখা যায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-01-27-18-01-11.jpeg)
পৰম্পৰা অনুসৰি খেৰাই পূজাত কুকুৰাৰ বলি দি তেজপান, ধাৰযুক্ত তৰোৱালৰ ওপৰত বিশেষ নৃত্য প্ৰদৰ্শন কৰা হয়। আনহাতে,খেৰাই পূজা নিশাৰ ভাগতে অনুষ্ঠিত কৰে। কিন্তু বড়ো সকলৰ এই পৰম্পৰাগত খেৰাই পূজা দিনৰ ভাগত কিয় অনুষ্ঠিত কৰিলে এই সন্দৰ্ভত আয়োজক সমিতি ফালৰ পৰা কোৱা হয় যে, খেৰাই পূজা নিশাৰ ভাগতে অনুষ্ঠিত হৈ আহিছে । নিশাৰ ভাগত হোৱা খেৰাই পূজাত নতুন প্ৰজন্মৰ সহযোগ তেনেই কম। সেয়ে খেৰাই পূজাৰ প্ৰচলিত ৰীতিনীতি নিয়ম কানুন সমূহ নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে নিশাৰ ভাগৰ প্ৰচলিত নিয়ম ভঙ্গ কৰি বিগত দুবছৰ ধৰি দিনৰ ভাগতে অনুষ্ঠিত কৰি আহিছে বুলি আয়োজক সকলে জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us