চিৰাগ পাচৱানঃ বিহাৰৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰা এগৰাকী যুৱৰাজ...

বিহাৰ নিৰ্বাচনৰ ফলাফলে দেশৰ বিৰোধী শক্তিলৈ যেন সংকট নমাই আনিছে। বিহাৰৰ মূল বিৰোধী দল লালু প্ৰসাদ যাদৱৰ আৰ জে ডি। বৰ্তমান এই দলটোৰ সেনাপতি হিচাপে আছে পুত্ৰ তেজস্বী যাদৱ। কিন্তু ২০২০ৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনৰ ফলাফলে দেশৰ বিৰোধী শক্তিলৈ যেন সংকট নমাই আনিছে। বিহাৰৰ মূল বিৰোধী দল লালু প্ৰসাদ যাদৱৰ আৰ জে ডি। বৰ্তমান এই দলটোৰ সেনাপতি হিচাপে আছে পুত্ৰ তেজস্বী যাদৱ। কিন্তু ২০২০ৰ নিৰ্বাচনতকৈ ২০২৫ৰ নিৰ্বাচনত দলটোৰ শোচনীয় পৰাজয়ে  তেজস্বী যাদৱৰ ৰাজনৈতিক যথেষ্ট প্ৰভাৱ পেলাব।

দিনৰ ২বজালৈকে হোৱা ভোটগণনাত আৰ জে ডি ২৮খন আসনত অগ্ৰগতি লাভ কৰি আছে।  উল্লেখ কৰা প্ৰয়োজন যে, এই সংখ্যা ২০২০ নিৰ্বাচনতকৈ বহু কম। ২০২০ৰ নিৰ্বাচনত আৰ জে ডিয়ে লাভ কৰিছিল ৭৫খন আসন। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত এতিয়ালৈকে প্ৰায় ৪৮খন আসনত পিছ পৰি আছে আৰ জে ডি।

বিহাৰত আৰ জে ডিৰ এই শোচনীয় ফলাফলে তেজস্বী যাদৱৰ লগতে দলটোক মোক্ষম আঘাত দিছে। আনফালে এইবাৰৰ নিৰ্বাচনত বিজেপিৰ সৈতে থাকিও উজ্বলি উঠিছে আন এগৰাকী যুৱ নেতা। এইবাৰৰ নিৰ্বাচনত যুৱ নেতা চিৰাগ পাচৱানৰ দল লোক জনশক্তি পাৰ্টি (ৰামবিলাস)য়ে অপ্ৰত্যাশিত সফলতা লাভ কৰিছে।

২বজালৈকে হোৱা ভোটগণনাত ২২খন আসনত অগ্ৰগতি লাভ কৰি আছে চিৰাগ পাচৱানৰ দলে। লক্ষ্যণীয়ভাৱে ২০২০ৰ নিৰ্বাচনত মাত্ৰ এখন  আসন লাভ কৰিছিল এই দলটোৱে। ২০২০ত ১৩৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল চিৰাগ পাচৱানৰ দলে। 

কিন্তু ২০২০ৰ তুলনাত ২০২৫ত চিৰাগ পাচৱানৰ এই উত্থানে বহু কথাই কৈ গৈছে। ২০২০ত নীতিশ কুমাৰৰ সৈতে হোৱা মনোমালিন্যৰ বাবে ১৩৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল চিৰাগৰ দলে। যাৰ বাবে ২০২০ত লোকচানৰ সন্মুখীন হৈছিল নীতিশ কুমাৰো। ২০২৫চনত ৭১খন আসন লাভ কৰা নীতিশ কুমাৰৰ দলে চিৰাগৰ লগত হোৱা মনোমালিন্যৰ পাছত ২০২০ত লাভ কৰিছিল মাত্ৰ ৪৩খন আসন।

তেতিয়াই ৰাজনৈতিক বিশ্লেষকসকলে নীতিশ কুমাৰক চিৰাগ পাচৱানৰ সৈতে মিত্ৰতা কৰিবলৈ পৰামৰ্শ দিছিল। যাৰ পৰিপ্ৰেক্ষিত এইবাৰ বুজা-পৰাৰ মাজৰে আসন ভাগ-বতোৰাৱা কৰাৰ বাবে দুয়াটো দলেই লাভৱান হৈছে বুলি ক'ব পাৰি। 

বিহাৰ