/asomiyapratidin/media/media_files/2025/06/30/agroni-khabar-2025-06-30-16-16-01.webp)
গুৱাহাটীত চিন্ময় মিছনৰ উদ্যোগত বিশেষ গ্ৰীষ্মকালীন শিবিৰ
ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্ববিখ্যাত বেদান্ত আচার্য মহাৰাজ স্বামী চিন্ময়ানন্দৰ অনুগামীসকলৰ দ্বাৰা ১৯৫৩ চনত ভাৰতত প্ৰতিষ্ঠা কৰা চিন্ময় মিছন আজিৰ দিনত বিশ্বব্যাপী আধ্যাত্মিক পুনৰুজ্জীৱনৰ এক আন্দোলনত পৰিণত হৈছে। আধ্যাত্মিক, শিক্ষামূলক আৰু সমাজসেৱামূলক কাম-কাজৰ জৰিয়তে এই মিছনে হাজাৰ হাজাৰ মানুহৰ জীৱন উদ্দীপ্ত কৰি আহিছে।
এই চিন্ময় মিছনৰ গুৱাহাটী শাখাই অহা ২ জুলাইৰ পৰা ৬ জুলাই, ২০২৫ লৈকে গুৱাহাটীৰ ছয়মাইলস্থিত চিন্ময় মিছন প্ৰাংগণত এক বিশেষ গ্ৰীষ্মকালীন শিবিৰ ‘ৰেইনবো কেম্প’ৰ আয়োজন কৰিছে। এই বৰ্ষৰ শিবিৰৰ মূল বিষয়বস্তু আছিল– ‘আধ্যাত্মিক গুৰুসকল’। ৬ জুলাইত আয়োজিত সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক প্ৰমাণপত্র বিতৰণ কৰা হয়। লগতে, বিভিন্ন দলৰ প্ৰদৰ্শনৰ ভিত্তিত উপহাৰ বিতৰণ কৰা হ'ব। অনুষ্ঠানত স্বেচ্ছাসেৱক সকলকো বিশেষ উপহাৰে সন্মানিত কৰা হ'ব।
শিশুসকলৰ মনোভাৱ, জ্ঞান আৰু নৈতিক মূল্যবোধৰ বিকাশৰ বাবে চিন্ময় মিছনে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই ধৰণৰ শিবিৰসমূহে তেওঁলোকৰ জীৱনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে।