/asomiyapratidin/media/media_files/2025/08/20/126-2025-08-20-09-57-03.jpg)
ডিজিটেল ডেস্ক : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। ১৮ আগষ্ট ২০২৫, সোমবাৰে ভাৰত আৰু চীনৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ এক আলোচনা অনুষ্ঠিত হয়।
এই আলোচনাত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে মিলিত হয় ৱাং য়ীয়ে। এই বাৰ্তালাপত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে সীমান্তত উত্তেজনা কমি যোৱাটো গুৰুত্বপূৰ্ণ। দুয়োখন দেশেই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমাৰ সম্পৰ্ক ভাল হ’ব পাৰে, কিন্তু দুয়োখন দেশ একেলগে আগবাঢ়িব লাগিব।
আনহাতে এই আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰে কয়, "সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজ দিয়াটো আন এক মূল অগ্ৰাধিকাৰ। আমাৰ মত বিনিময়ৰ বাবে মই আগ্ৰহী। সামগ্ৰিকভাৱে আমি আশা কৰিছো যে আমাৰ আলোচনাই ভাৰত আৰু চীনৰ মাজত এক সুস্থিৰ, সহযোগিতামূলক আৰু আগন্তুক দৃষ্টিকোণৰ সম্পৰ্ক গঢ়ি তোলাত অৰিহণা যোগাব। যিয়ে আমাৰ স্বাৰ্থৰ সেৱা কৰিব আৰু আমাৰ উদ্বেগক সম্বোধন কৰিব।"
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, এসপ্তাহৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনলৈ গৈ চাংহাই সহযোগিতা সংস্থাৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব।