ড'নাল্ড ট্ৰাম্পৰ বৃদ্ধি মূৰৰ কামোৰণিঃ একেখন মঞ্চত মোডী-পুটিন-জিনপিং...

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মূৰৰ কামোৰণি বৃদ্ধি কৰি অহা সপ্তাহত একেখন মঞ্চতে থিয় হ’বলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোডী, ভ্লাদিমিৰ পুটিন, ছি জিনপিঙ।

author-image
Tushar Pratim
New Update
ড'নাল্ড ট্ৰাম্পৰ বৃদ্ধি মূৰৰ কামোৰণিঃ একেখন মঞ্চত মোডী-পুটিন-জিনপিং...

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মূৰৰ কামোৰণি বৃদ্ধি কৰি পুনৰ একেখন মঞ্চতে থিয় হ’বলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোডী, ভ্লাদিমিৰ পুটিন, ছি জিনপিঙ। ভাৰত, ৰাছিয়া, চীন-এই তিনিওখন দেশৰ ৰাষ্ট্ৰনেতা একত্ৰিত হোৱাৰ খবৰে যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ টোপনি ক্ষতি কৰিছে সেয়া তেওঁৰ কথা বতৰা আৰু কাম-কাজতে স্পষ্ট হৈছে। 

৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ এছ চি অ’ সন্মিলন

Advertisment

অহা সপ্তাহত চীনত আছে ছাংহাই সহযোগিতা সংস্থা চমুকৈ এছ চি অ’ৰ সন্মিলন। এই সন্মিলনত ২০ খনতকৈ অধিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ নেতাই অংশগ্ৰহণ কৰিব। ইয়াতেই একেখন মঞ্চত থিয় দিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙ।

এই সন্মিলনৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে চীন। ২০ জনতকৈ অধিক ৰাষ্ট্ৰনেতাক আদৰণি জনাবলৈ সাজু হৈছে বেইজিং। উল্লেখ্য যে অহা ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই শীৰ্ষ সন্মিলনখন। 

আমেৰিকাৰ সৈতে দূৰত্ব আৰু চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিছে ভাৰতে

লক্ষনীয় যে ২০২০ চনত গালৱান ঘাটিত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোডী। তেওঁৰ এই ভ্ৰমণ এনে এক সময়ত নিৰ্ধাৰণ হৈছে যি সময়ত আমেৰিকাৰ সৈতে ভাৰতৰ দূৰত্ব বৃদ্ধি পাইছে আৰু চীনৰ সৈতে ঘনিষ্ঠতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে। 

চুবুৰীয়া দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক উন্নত কৰিবলৈ ধাৰাবাহিকভাৱে বিভিন্ন পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকে দুয়ো দেশৰ মাজৰ সম্পৰ্কক গভীৰ কৰিছে। ইফালে ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কক লৈ খৰ্গহস্ত হৈ আছে হোৱাইটহাউচ। যাৰ বাবে ভাৰতৰ ওপৰতমুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে।

তাৰ মাজতেই এতিয়া মোডী-পুটিন-জিনপিঙৰ সহৱস্থানে কেৱল আমেৰিকালৈয়ে নহয় বিশ্ব বাণিজ্য আৰু কূটনীতিলৈ এক নতুন বাৰ্তা যে প্ৰেৰণ কৰিব সেয়া স্পষ্ট হৈছে। বহুতেই আশা কৰিছে এই তিনি নেতাৰ সহৱস্থানে কূটনৈতিকভাৱে সুস্থিৰ এক পৰিবেশ প্ৰদান কৰিব বিশেষকৈ গ্ল’বেল ছাউথত। 

বিশ্বই একাষৰীয়া কৰা পুটিনৰ কাষত সাহসেৰে থিয় দি আছে ভাৰত

স্মৰ্তব্য, ইয়াৰ পূৰ্বে ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত মোডী আৰু পুটিনক একেখন মঞ্চতে দেখা গৈছিল। ইউক্ৰেইনৰে যুদ্ধ আৰম্ভ হোৱাৰ পিছত পশ্চিমীয়া বিশ্বৰ নেতাসকলে পুটিনক একাষৰীয়া কৰাৰ সময়তে ভাৰতে যুদ্ধৰ বিৰোধিতা কৰি, শান্তিৰ আহ্বানেৰে ইউক্ৰেইনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে আৰু বন্ধুত্বৰ ধৰ্ম পালন কৰি ৰাছিয়াৰ কাষতো থিয় দি আহিছে। 

ইফালে যোৱা সপ্তাহত নতুন দিল্লীত ৰাছিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে জনাইছে যে ৰাছিয়াই অতি সোনকালে ভাৰত আৰু চীনৰ সৈতে ত্ৰিপাক্ষিক বৈঠকত মিলিত হ’ব। 

আমেৰিকাৰ আধিপত্যাৰ পৰা মুক্তি হ’ব আন্তঃৰাষ্ট্ৰীয় বজাৰ, ৰাজনীতি !

গুৰুত্বপূৰ্ণ দিশটো হ’ল আমেৰিকাৰ চীন, ইৰাণ, ৰাছিয়া আৰু ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে যদিও ইয়াৰ কোনো প্ৰভাৱ বিশ্ব কূটনীতিত এতিয়াও পৰা নাই। সেয়ে আমেৰিকাক প্ৰত্যাহ্বান জনাই এছ চি অ’ৰ এই সন্মিলনৰ পৰাই ছি জিনপিঙে আন্তঃৰাষ্ট্ৰীয় বজাৰ, কূটনীতি আদিক আমেৰিকাৰ আধিপত্যৰ পৰা মুক্ত কৰিলে কেনেকুৱা হ'ব তাক চিত্ৰিৰ আভাস দিব বিচাৰিছে।

মন কৰিবলগীয়া যে বেইজিঙে আমেৰিকাৰ আগ্ৰাস ৰোধ কৰিবৰ বাবেই বাৰে বাৰে ভাৰত আৰু চীনক একত্ৰিত হোৱাৰ আহ্বান জনাই আহিছিল। সেই আহ্বানৰ প্ৰতি সহাৰিও জনাইছে ভাৰতে। সেয়ে এনে পৰিস্থিতিত যদিও মোডীৰ চীন ভ্ৰমণৰ মূল উদ্দেশ্য এছ চি অ’ শীৰ্ষ সন্মিলন হ’ব  তথাপিও ইয়াৰ আঁৰত আন বহু উদ্দেশ্য যে নিহিত হৈ থাকিব সেয়া নিশ্চিত।

ভ্লাদিমিৰ পুটিন জিনপিং চীন নৰেন্দ্ৰ মোডী