Advertisment

উপগ্ৰহৰ জৰিয়তে সম্পন্ন হ'ল বিশ্বৰ প্ৰথমতো অস্ত্ৰোপচাৰ...

চীনে ২০২০ চনত উৎক্ষেপণ কৰা Apstar-6D উপগ্ৰহটোৱে এই সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উপগ্ৰহটোৱে প্ৰতি ছেকেণ্ডত ৫০ গিগাবিট যোগান ধৰা লগতে সমগ্ৰ এছিয়া-পেচিফিক অঞ্চলত বিশেষকৈ বিমান আৰু সাগৰীয় পথৰ বাবে ব্যাপক কভাৰেজ প্ৰদান কৰিছে।

author-image
Asomiya Pratidin
New Update
jgj

ডিজিটেল ডেস্কঃ  বিশ্বৰ প্ৰথমটো উপগ্ৰহ ভিত্তিক তথা অতি দূৰৱৰ্তী অস্ত্ৰোপচাৰ সম্পন্ন কৰি চিকিৎসা বিজ্ঞানত এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে চীন। বিশেষকৈ যুদ্ধক্ষেত্ৰ আৰু দূৰণিবটীয়া স্থান সমূহত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত এয়া এক সুখবৰ। এই সফলতাই উপগ্ৰহ ভিত্তিক অস্ত্ৰোপচাৰক সম্পূৰ্ণ স্বাভাৱিক বুলি প্ৰমাণ কৰা লগতে ই বাণিজ্যিক ক্লিনিকেল প্ৰেকটিছ হিচাপেও পৰিগণিত হৈছে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, পৃথিৱীৰ পৰা ৩৬ হাজাৰ কিলোমিটাৰ ওপৰত অৱস্থিত এপষ্টাৰ-৬ডি ব্ৰডবেণ্ড যোগাযোগ উপগ্ৰহ ব্যৱহাৰ কৰি এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। পিপলছ লিবাৰেচন আৰ্মি জেনেৰেল হাস্পতালৰ চিকিৎসকে তিব্বতৰ লাছা, ইউনানৰ ডালি আৰু হাইনানৰ ছানিয়াৰ পৰা মুঠ পাঁচটা অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। অস্ত্ৰোপচাৰৰ পাছতে সুস্থ হৈ উঠা ৰোগী সকলক নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰা হয়।

প্ৰতিটো অস্ত্ৰোপচাৰে কমপ্লেক্স টেন'ল'জিকেল নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল আছিল। সেয়ে অস্ত্ৰোপচাৰৰ প্ৰতিটো গতিবিধি তথা তথ্য প্ৰায় ১ লাখ ৫০ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আহিছিল।উল্লেখ কৰা প্ৰয়োজন যে, চীনে ২০২০ চনত উৎক্ষেপণ কৰা Apstar-6D উপগ্ৰহটোৱে এই সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উপগ্ৰহটোৱে প্ৰতি ছেকেণ্ডত ৫০ গিগাবিট যোগান ধৰা লগতে সমগ্ৰ এছিয়া-পেচিফিক অঞ্চলত বিশেষকৈ বিমান আৰু সাগৰীয় পথৰ বাবে ব্যাপক কভাৰেজ প্ৰদান কৰিছে। বিমান, জাহাজ আৰু দূৰৱৰ্তী অঞ্চললৈ ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰিবলৈ ডিজাইন কৰা তিনিৰ পৰা চাৰিটা ভূ-স্থিৰ উপগ্ৰহৰ পৰিকল্পিত নক্ষত্ৰমণ্ডলৰ ভিতৰত এপষ্টাৰ-৬ডি প্ৰথমটো উপগ্ৰহ।

উপগ্ৰহ