/asomiyapratidin/media/media_files/2025/11/28/ujjjdd-2025-11-28-23-44-35.jpg)
ডিজিটেল ডেস্কঃ কিমান যান্ত্ৰিকতাৰে হেঁচি ধৰিছে আমাৰ চৌপাশ। অনুভৱ কৰিব নোৱাৰাকৈ আদঁৰ কৰিছে আৱেগ, মৰম, চেনেহৰ। এৰো বুলি ক'লেই আজি সকলোৱে যেন চিঙি দিব পাৰে সম্পৰ্কৰ এনাজৰী। ধন-সম্পত্তি সকলো থাকিও বহু মানুহ হৈ পৰে মৰমৰ দুখীয়া। তেনে এগৰাকী বৃদ্ধাৰ কাহিনীয়ে এতিয়া সকলোৰে অন্তৰ আত্মা কপাঁই তুলিছে।
এগৰাকী ৯০ৰো উৰ্ধৰ বৃদ্ধাই টিভিৰ এক সাক্ষাতকাৰত এগৰাকী তোলনীয়া কন্যা বিচাৰিছে। সেই কন্যাগৰাকীক মাহিলী দৰমহা দিয়াৰ কথাও ঘোষণা কৰিছে। মাহিলী দৰমহা নিৰ্ধাৰণ কৰা হৈছে ৩৭,৫০০টকা। সেই তোলনীয়া কন্যা গৰাকীৰ কাম হ'ব তেওঁৰ সৈতে কথা পতা, তেওঁক মৰম-চেনেহেৰে আৱৰি ৰখা।
সকলো থাকিও নিসংগা সহ্য কৰিব নোৱাৰি সাংবাদিক মাতি নি এই ঘোষণা কৰিছে বৃদ্ধা গৰাকীয়ে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি পৰিয়াল আৰু সহায়ৰ অভাৱত এই বৃদ্ধাগৰাকীয়ে এনে এজন ব্যক্তিক বিচাৰিছে যিয়ে তেওঁৰ যত্ন লোৱাই নহয়, সংগী আৰু আৱেগিক সহায় আগবঢ়াব পাৰে।
ঘটনাতো হৈছে চীনৰ। এই ঘটনাই চীনৰ বৃদ্ধ জনসংখ্যা আৰু ইয়াৰ সামাজিক গাঁথনিৰ পৰিৱৰ্তনক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। এই বৃদ্ধাগৰাকী দুগৰাকী কন্যা সন্তানৰ মাতৃ, কিন্তু পৰিস্থিতিয়ে তেওঁক গভীৰ নিসংগতালৈ ঠেলি দিছে। এগৰাকী কন্যা মানসিকভাৱে অক্ষম, আনহাতে আনজনীয়ে মাকৰ সৈতে সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি পেলাইছে।
অসুস্থতা, নিসংগতা, ভগ্ন সম্পৰ্কই তাইৰ জীৱনটো ছিন্নভিন্ন কৰি পেলাইছে। এনে পৰিস্থিতিত এতিয়া তাই এনে এজনী কন্যাৰ সন্ধানত আছে, যিয়ে তাইৰ লগত তেজৰ সম্পৰ্ক নাথাকিলেও সম্পূৰ্ণ হৃদয়েৰে তাইক মাক হিচাপে গ্ৰহণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us